• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics Medals Tally : একাদশ দিনত ২৯টা সোণৰ পদকেৰে অলিম্পিকৰ মেডেল তালিকাৰ শীৰ্ষত চীন, ৬২ সংখ্যক স্থানত ভাৰত।

Tokyo Olympics Medals Tally : একাদশ দিনত ২৯টা সোণৰ পদকেৰে অলিম্পিকৰ মেডেল তালিকাৰ শীৰ্ষত চীন, ৬২ সংখ্যক স্থানত ভাৰত।

২০৬ খন দেশে ভাগ লোৱা টকিঅ' অলিম্পিকছত এতিয়ালৈ ভাৰতকে ধৰি ১৪৯খন দেশে এটাও সোণৰ পদক জয় কৰা নাই।

২০৬ খন দেশে ভাগ লোৱা টকিঅ' অলিম্পিকছত এতিয়ালৈ ভাৰতকে ধৰি ১৪৯খন দেশে এটাও সোণৰ পদক জয় কৰা নাই।

২০৬ খন দেশে ভাগ লোৱা টকিঅ' অলিম্পিকছত এতিয়ালৈ ভাৰতকে ধৰি ১৪৯খন দেশে এটাও সোণৰ পদক জয় কৰা নাই।

  • Share this:
টকিঅ' অলিম্পিকছ (Tokyo Olympics 2020)ৰ পদক তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে চীনে। চীনে (China) প্ৰতিযোগিতাৰ একাদশ দিনাৰ অন্তত জয় কৰিছে ২৯ টা সোণৰ পদক। দেশখনে ১৭ টা ৰূপৰ আৰু ১৬টা ব্ৰঞ্জৰ পদকো জয় কৰিছে।

আনহাতে ভাৰতৰ কথা যদি কোৱা হয় তেন্তে ভাৰত (India) আছে পদক তালিকাৰ ৬২ নমং স্থানত। মিৰাবাই চানুৰ ৰূপ আৰু পি ভি সিন্ধুৰ ব্ৰঞ্জৰ পদকসহ এই পৰ্যন্ত মাত্ৰ দুটা পদক জয় কৰিছে ভাৰতে। ভাৰতৰ লগতে ৬২ নং স্থানত আছে আন চাৰিখন দেশ ক্ৰমে কেনিয়া, পৰ্টুগাল, ছান মেৰিনো আৰু উগাণ্ডা।

ইপিনে পদক তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকা (USA)। আমেৰিকাই জয় কৰিছে ২টা সোণৰ, ২৫টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক। আনহাতে ১৭টা সোণ, ৬টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে আয়োজক দেশ জাপান।

অন্য দেশৰ কথালৈ যদি আহোঁ তেন্তে অষ্ট্ৰেলিয়া (Australia)ই ১৪টা সোণ, ৪টা ৰূপ আৰু ১৫টাব্ৰঞ্জৰ পদকে জয় কৰি আছে চতুৰ্থ স্থানত। ১২টা সোণ, ২১টা ৰূপ আৰু ১৭টা ব্ৰঞ্জৰ পদকেৰে ৰাছিয়া (Russia Or ROC) আছে পঞ্চম স্থানত। ৰাছিয়াৰ পিছতে ১১টা সোণ ১২টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক জয় কৰি গ্ৰেট ব্ৰিটেইন (Great Britain) আঠে ষষ্ঠ স্থানত।

উল্লেখ্য যে মুঠ ২০৬ খন দেশে ভাগ লোৱা টকিঅ' অলিম্পিকছত এতিয়ালৈ ভাৰতকে ধৰি ১৪৯খন দেশে এটাও সোণৰ পদক জয় কৰা নাই। আনহাতে ১৩৬খন দেশে এতিয়ালৈ জয় কৰা নাই এটাও ৰূপৰ পদক। আনহাতে ১২৬ খন দেশে জয় কৰা নাই এটাও পদক ।
Published by:Manjumoni Borah
First published: