உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ব্ৰহ্মপুত্ৰৰ ওপৰত চীনা বৃহৎ বান্ধ, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চূড়ান্ত খচৰাত অনুমোদন চীনৰ!

    ব্ৰহ্মপুত্ৰৰ ওপৰত চীনা বৃহৎ বান্ধ, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চূড়ান্ত খচৰাত অনুমোদন চীনৰ!

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    এই পৰিকল্পনাত নদীখনৰ নামনিমুৱা সোঁতত বহু কেইটা বান্ধ নিৰ্মাণৰ কথা কোৱা হৈছে। 

    • Share this:
    চুবুৰীয়া চীন দেশে প্রস্তুত কৰি উলিওৱা পঞ্চবাৰ্ষিক পৰিকল্পনাই নমাই আনিব পাৰে অসমৰ কাৰণে অমানিশা। ২০২১-২০২৬ বৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চূড়ান্ত খচৰাত চীনে তিব্বতৰ য়াৰলুং চাংপোত বৃহৎ নদী বান্ধ নিৰ্মাণৰ সেউজ সংকেত প্ৰদান কৰিছে। য়াৰলুং চাংপোয়েই অসমেদি বৈ আহি ব্ৰহ্মপুত্ৰ নাম লৈছে। দিল্লীৰ প্ৰকাশিত ইংৰাজী দৈনিক ‘দ্য হিন্দু’ৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা মতে, অহা বৃহস্পতি বাৰে দেশখনৰ ‘National People’s Congress'এ এই পঞ্চবাৰ্ষিক পৰিকল্পনা খনৰ চূড়ান্ত খচৰাত জনাব অনুমোদন। উল্লেখযোগ্য যে এই পৰিকল্পনাত নদীখনৰ নামনিমুৱা সোঁতত বহু কেইটা বান্ধ নিৰ্মাণৰ কথা কোৱা হৈছে।

    প্ৰথমবাৰৰ বাবে চীন চৰকাৰে ব্ৰহ্মপুত্ৰৰ চীনৰ অংশত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত সেউজ সংকেত প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছে। পঞ্চ বাৰ্ষিক পৰিকল্পনাত উল্লেখ কৰা মতে, বহু কেইটা দেশীয় (চীনা) প্ৰতিষ্ঠানে ভাৰতৰ সীমান্তৰ সমীপত নদী বান্ধৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সকলো প্ৰস্তাৱক অনুমোদন প্ৰদান কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে স্থানীয় মাণ্ডাৰিণ ভাষাত প্ৰকাশ পোৱা চূড়ান্ত খচৰা এতিয়াও ইংৰাজীলৈ অনুবাদ হোৱা নাই।

    স্থানীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, দেশখনৰ শীৰ্ষ পৰ্যায়ৰ জলবিদ্যুৎ নিৰ্মাণ প্ৰতিষ্ঠান ‘PowerChina’ই যোৱা নৱেম্বৰ মাহতে তিব্বত স্বায়ত্তশাসিত প্ৰশাসনৰে ব্ৰহ্মপুত্ৰৰ তিব্বতৰ ছোৱাত বান্ধ নিৰ্মাণ কৰিবলৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। প্ৰতিষ্ঠানটোৱে ২০১৫ চনৰ পৰাই তিব্বত অঞ্চলত নদী বান্ধ নির্মাণ কৰি আছে।

    ভাৰত চৰকাৰে চীনৰ এই প্রয়াসত দ্বিপাক্ষিক আপত্তি প্ৰদৰ্শন কৰি আহিছে। এইবাৰ চীনে নামনিমুৱা সোঁতত বিশেষকৈ নদীখন ২০০০ ফুট তললৈ বৈ আহি তীব্রবেগে অৰুণাচল প্ৰৱেশ কৰা অংশত নদী বান্ধিলে অসম প্ৰভাৱিত হ’ব বুলি আশংকা প্রকাশ কৰিছে বিশেষজ্ঞ সকলে।
    Published by:Sanjay Kumar Das
    First published: