কোৰোণাৰ পিছত এইবাৰ টীক ব’ৰ্ণ ভাইৰাছ! চীনত এই পৰ্যন্ত ৭ জনৰ মৃত্যু, ৬০ জন আক্ৰান্ত 

News18 Assam | News18-Assam
Updated:August 6, 2020, 2:04 PM IST
কোৰোণাৰ পিছত এইবাৰ টীক ব’ৰ্ণ ভাইৰাছ! চীনত এই পৰ্যন্ত ৭ জনৰ মৃত্যু, ৬০ জন আক্ৰান্ত 
চীনত এতিয়া দ্ৰুত গতিত বাঢ়িছে সংক্ৰমিত লোকৰ সংখ্যা

চীনত এতিয়া দ্ৰুত গতিত বাঢ়িছে সংক্ৰমিত লোকৰ সংখ্যা

  • Share this:
কোৰোণাৰ সন্ত্ৰাস চলি থকাৰ মাজত চীনত এইবাৰ দ্ৰুতগতিত সংক্ৰমিত হৈছে এক নতুন ভাইৰাছ। গ্লৱেল টাইমছে আনুষ্ঠানিক ভাবে জনাইছে এই নতুন ভাইৰাছটোৰ কথা। এই নতুন ভাইৰাছটোৰ নাম টীক বৰ্ণ ভাইৰাছ। ভাইৰাছটোৰ সংক্ৰমণৰ ফলত এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে ৬০ জন লোক। আনহাতে বহুলোকৰ শৰীৰত ধৰা পৰিছে  টীক বৰ্ণ ভাইৰাছৰ লক্ষণ।

জানিব পৰা মতে, এই ভাইৰাছ অতি সহজে এজনৰ পৰা আনজনৰ শৰীৰলৈ বিয়পি পৰে। চিকিত্‍সকে জনোৱা মতে, জ্বৰ, কাঁহ আৰু শৰীৰ দুৰ্বল হোৱা এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ লক্ষণ। আনহাতে এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ শৰীৰত ব্লাড প্লেটিলেট হ্ৰাস পাইছে বুলিও জনাইছে চিকিত্‍সকে।

উল্লেখযোগ্য যে, পূৱ চীনৰ জিয়াংছু আৰু আনহুই প্ৰদেশত এই ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। টীক ব’ৰ্ণ ভাইৰাছৰ ফলত এই পৰ্যন্ত জিয়াংছুত ৩৭ গৰাকী আৰু আনহুইত ২৩ গৰাকী ৰোগী ধৰা পৰিছে। আটাইতকৈ চিন্তনীয় কথা এইটো যে, এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ দেহত এতিয়া নতুন নতুন লক্ষণে দেখা দিছে।
Published by: Himangshu Bhuyan
First published: August 6, 2020, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading