ক্ৰমাৎ উত্তেজনা বাঢ়িছে চীন আৰু টাইৱানৰ মাজত। আগ্ৰাসী ৰঙাচীনে যেন লক্ষ্য কৰি লৈছে টাইৱানক। টাইৱানৰ বায়ুসেনাৰ পৰিসৰৰ ভিতৰত দেশখনক প্ৰত্যাহ্বান জনাই উৰিছে চীনৰ ফাইটাৰ জেট। ইয়াৰ পিছতে সতৰ্ক হৈ পৰিছে টাইৱানো। টাইৱানৰ বায়ু সেনায়ো আকাশ কঁপাই উৰাইছে যুঁজাৰু বিমানেৰে। ইয়াৰ পিছতে টাইৱানৰ বৈদেশিক মন্ত্ৰী যোচেফে চীনক সকীয়নী দি কৈছে, "আমাক চীনে আক্ৰমণ কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ সেনা সাজু হৈ আছে। চীনে আমাক আক্ৰমণ কৰিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলৈ সাজু হওক।"
উল্লেখযোগ্য যে, বিগত সপ্তাহটোৰ পৰা টাইৱান সীমান্তৰ চাৰিওফালে চীনে সামৰিক তৎপৰতা বৃদ্ধি কৰা দেখা গৈছে। যোৱা সপ্তাহত টাইৱানৰ সীমান্তত ১২০খন পিএলএৰ বিমান উৰা দেখা গৈছিল। আন্তৰ্জাতিক নীতি উলংঘা কৰি চীনে কৰা এই কাৰ্যক গৰিহণা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। চীনে প্ৰেৰণ কৰা বিমানসমূহৰ ভিতৰত পাৰামাণৱিক অস্ত্ৰ সৰবৰাহ কৰা বিমানো দেখা গৈছিল।
চীনে বছৰৰ পিছত বছৰ ধৰি টাইৱান দ্বীপ দখল কৰাৰ বাবে বিভিন্ন ষড়যন্ত্ৰ কৰি আহিছে। ইয়াৰ পূৰ্বেও চীনে বহুবাৰ টাইৱানৰ সীমান্তত প্ৰৱেশৰ চেষ্টা কৰিছিল। কিন্তু এইবাৰ টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইঙে চীনক কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : October 06, 2021, 08:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।