உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • China Supports India: ভাৰতৰ সমৰ্থনত ওলাই আহিছে চীন, ঘেঁহু ৰপ্তানি নিষিদ্ধকৰণ বিষয়ত জি-7 দেশসমূহক উপযুক্ত প্ৰত্যুত্তৰ চীনৰ

    China Supports India: ভাৰতৰ সমৰ্থনত ওলাই আহিছে চীন, ঘেঁহু ৰপ্তানি নিষিদ্ধকৰণ বিষয়ত জি-7 দেশসমূহক উপযুক্ত প্ৰত্যুত্তৰ চীনৰ

    গ্লোবেল টাইমছে লগতে লিখিছে যে এতিয়া এই সংকটৰ সময়ত জি-৭য়ে ভাৰতক ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ নকৰিবলৈ আহ্বান জনাইছে, কিন্তু জি-৭ দেশবোৰে তেওঁলোকৰ ৰপ্তানি বৃদ্ধি কৰি খাদ্য যোগানৰ ভাৰসাম্য কিয় ৰাখিব নোৱাৰে।

    • Share this:
    ঘেঁহু ৰপ্তানি নিষিদ্ধকৰণৰ বিষয়ত চীনে সোমবাৰে ভাৰতক সমৰ্থন কৰিছিল আৰু ভাৰতৰ পদক্ষেপক সমালোচনা কৰা জি-৭ দেশসমূহক উপযুক্ত প্ৰত্যুত্তৰ দিছিল। চীনে কয় যে ভাৰতৰ দৰে উন্নয়নশীল দেশক দোষাৰোপ কৰিলে বিশ্বৰ খাদ্য সংকট সমাধান কৰিব নোৱাৰে। যোৱা সপ্তাহত, ভাৰত চৰকাৰে দেশত বৰ্ধিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে তাৎক্ষণিক ভাৱে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছিল।

    ভাৰতৰ এই সিদ্ধান্তৰ পিছত জি-7 গোটৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। এতিয়া বিশ্বৰ সাতখন আটাইতকৈ শক্তিশালী দেশৰ সমালোচনাৰ মাজতে চীনে ভাৰতক সমৰ্থন কৰিবলৈ ওলাই আহিছে। চীনা চৰকাৰৰ মুখপত্ৰ গ্লোবেল টাইমছে লিখিছিল যে ভাৰতক দোষাৰোপ কৰি বিশ্বব্যাপী খাদ্য সংকট সমাধান কৰিব পৰা নাযায়।

    গ্লোবেল টাইমছে লগতে লিখিছে যে এতিয়া এই সংকটৰ সময়ত জি-৭য়ে ভাৰতক ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ নকৰিবলৈ আহ্বান জনাইছে, কিন্তু জি-৭ দেশবোৰে তেওঁলোকৰ ৰপ্তানি বৃদ্ধি কৰি খাদ্য যোগানৰ ভাৰসাম্য কিয় ৰাখিব নোৱাৰে।

    গ্লোবেল টাইমছে লিখিছিল যে কিছুমান পশ্চিমীয়া দেশে বিশ্বব্যাপী খাদ্য সংকটৰ বাবে তেওঁলোকৰ ৰপ্তানি হ্ৰাস কৰাৰ সিদ্ধান্ত লয়, গতিকে এনে পৰিস্থিতিত তেওঁলোকে কেনেকৈ ভাৰতক সমালোচনা কৰিব পাৰে যি সময়ত এইখন দেশে ইয়াৰ খাদ্য যোগান সুৰক্ষিত কৰাৰ বাবে চাপৰ সন্মুখীন হৈছে।
    Published by:Manjumoni Borah
    First published: