• Home
  • »
  • News
  • »
  • world
  • »
  • China Backs Taliban : তালিবানক মুকলি সমৰ্থন চীনৰ! তালিবানে কাবুল দখলৰ পিছতে ক'লে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ ৰাজী

China Backs Taliban : তালিবানক মুকলি সমৰ্থন চীনৰ! তালিবানে কাবুল দখলৰ পিছতে ক'লে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ ৰাজী

"চীন দেশে আফগান নাগৰিক অধিকাৰক সন্মান কৰে আৰু আফগানিস্তানৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক গঢ়িবলৈ ইচ্ছুক।"  চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনিঙে এই মন্তব্য কৰে। 

  • Share this:
তালিবান (Taliban)ৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক গঢ়িবলৈ সাজু হৈছে চীন (China ) দেশ। তালিবানে কাবুল দখল কৰাৰ পিছতে সোমবাৰে চীন চৰকাৰৰ মুখপাত্ৰই এই কথা ঘোষণা কৰে।

চীন আৰু আফগানিস্তানৰ মাজত ৭৪ কিলোমিটাৰৰ সীমান্ত আছে। চীনৰ বিচ্ছিন্নতাবাদী উইঘুৰ মুছলমানসকলে আফগানিস্তানত বাহৰ পাতিব পাৰে বুলি প্ৰায়েই শংকিত হৈ থাকে। কিন্তু যোৱা টিয়ানজিনত মাহতে তালিবনৰ এটা দলে চীনৰ বিদেশ মন্ত্ৰী ৱেং য়ি  (Wang Yi)ক সাক্ষাৎ কৰি আফগানিস্তানৰ ভূমি কোনো উগ্ৰপন্থীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ বিনিময়ত চীনে আফগানিস্তানক আৰ্থিক সমৰ্থন আৰু বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল।

“তালিবানে প্ৰায়েই চীনৰ সৈতে এটা সুসম্পৰ্ক ৰক্ষাৰ বাবে ইচ্ছা প্ৰকাশ কৰি আহিছে।  তেওঁলোকে আফগানিস্তানৰ পুনৰনিৰ্মাণ আৰু উন্নয়নত চীনৰ সহায় বিচাৰিছে। আমি তালিবানৰ এই পদক্ষেপক আদৰণি জনািছোঁ। চীন দেশে আফগান নাগৰিক অধিকাৰক সন্মান কৰে আৰু আফগানিস্তানৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক গঢ়িবলৈ ইচ্ছুক। "  চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনিঙে এই মন্তব্য কৰে।

উল্লেখ্য যে ১১ ছেপ্টেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সকলো আমেৰিকান সৈন্যক প্ৰত্যাহাৰ কৰা হ'ব বুলি ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি আমেৰিকান সৈন্যই আফগানিস্তান এৰাৰ পূৰ্বেই কাবুল দখল কৰি খাৰ্যত আফগানিস্তাত নিজৰ শাসন আৰম্ভ কৰিলে তালিবানে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি