বিগত সময়ছোৱাত চীনে ভাৰতৰ লাডাখ আৰু অৰুণাচল দখলৰ বাবে বহু কূট-কৌশলৰ ৰচনা কৰিছে। ৬০ৰ দশকৰ তুলনাত বৰ্তমান ভাৰত প্ৰতিৰক্ষাৰ দিশত যথেষ্ট আগুৱাই যোৱাৰ ফলশ্ৰুতিতে চীনে ভাৰতৰ লগত যুঁজ কৰিব লৈয়ো বাৰে বাৰে থমকি ৰ'বলগা হৈছে। পিছে চীনে ভাৰতক অকলশৰীয়া কৰাৰ বাবে প্ৰতিৱেশী ৰাষ্ট্ৰ সমূহক ধনে-জনে সহায় কৰি বিভিন্ন কুৎসা ৰচনা কৰি আহিছে। নেপাল, শ্ৰীলংকা, বাংলাদেশ সকলোতে এতিয়া চীনে বিভিন্ন প্ৰকল্পৰ জৰিয়তে বিনিয়োগ কৰি ভাৰতৰ সৈতে এইকেইখন দেশৰ দূৰত্ব বৃদ্ধি কৰাৰ চেষ্টা কৰি আহিছে। শেহতীয়াভাৱে নেপালৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি কৰাৰ ক্ষেত্ৰত চীন যথেষ্ট সফলো হৈছে। একেদৰে পাকিস্তানৰ পৰা স্বাধীন ৰাষ্ট্ৰ কৰাৰ ক্ষেত্ৰত ভাৰতে সহায় আগবঢ়োৱা বাংলাদেশতো এতিয়া চীন দেশে বিভিন্ন উদ্যোগ স্থাপনৰ জৰিয়তে বাংলাদেশৰ মন জয় কৰিছে। ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হিচাপে পৰিচিত বাংলাদেশো এতিয়া চীনৰ প্ৰশংসাত গদগদ হৈ পৰিছে। পাকিস্তানৰো একমাত্ৰ ভৰষা যেন চীন। পিছে এইবাৰ বিশ্বৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে চীন আৰু আৰৱৰ নতুন সম্পৰ্ক।
উল্লেখ্য যে, চীন দেশৰ সৈতে ছৌদি আৰৱে কেইবাখনো চুক্তি সম্পাদন কৰিছে। ছৌদি আৰৱে দেশৰ শক্তিখণ্ডৰ বাবে চীনৰ সহায় লোৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। বিশ্বৰ ভিতৰতে সবাতোতকৈ বেছি দ্ৰোণ উৎপাদন কৰা চীনদেশে এতিয়া দ্ৰোণ প্ৰদান কৰিব ছৌদি আৰৱক। ছৌদি আৰৱত চীনা ভাষাৰ শিক্ষাৰ বাবে ২০ খন শিক্ষানুষ্ঠানো স্থাপন কৰা হৈছে। ইয়াৰ পৰাই বুজিব পাৰি বিশ্বৰ ভিতৰতে সবাতোতকৈ বিত্তশালী দেশৰ শাৰীত পৰা ছৌদি আৰৱে চীনৰ সৈতে কিমান গভীৰ সম্পৰ্কত উপনীত হোৱাৰ বাবে প্ৰস্তুত হৈছে।
ৰাষ্ট্ৰপতি জ' বাইডেনৰ ভুল নীতিয়ে আমেৰিকাক বাৰে বাৰে ক্ষতিগ্ৰস্ত কৰিছে:-পূৰ্বে আমেৰিকাৰ সৈতে ছৌদি আৰৱৰ সম্পৰ্ক যথেষ্ট ভাল আছিল। আমেৰিকাক আৰৱে তেল যোগান দিয়াৰ বিনিময়ত আমেৰিকাই ছৌদি আৰৱক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদানৰ লগতে দেশৰ সুৰক্ষাৰ বাবে সৈন্যবলৰো ব্যৱস্থা কৰিছিল। পিছে শেহতীয়াভাবে তালিবানীৰ হাতত আমেৰিকাৰ পৰাজয়, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত আমেৰিকাৰ কেৱল বাকযুদ্ধ আৰু আৰৱ দেশসমূহক জ' বাইডেনে তেলৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰদান কৰা হেঁচাই দুয়োখন দেশৰ সম্পৰ্কত ফাঁটৰ সৃষ্টি কৰিলে।
মন কৰিবলগীয়া যে, জ' বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা আমেৰিকাৰ শক্তিৰ প্ৰতি বিশ্বৰ বহু দেশৰ আস্থাও যেন হ্ৰাস পালে। চীনে সুযোগ বুজি ছৌদিক অত্যাধুনিক অস্ত্ৰৰ লগতে দেশৰ সুৰক্ষাৰ নিশ্চিতি দি নিজৰ ফলীয়া কৰাত সফল হৈছে। ফলশ্ৰুতিত বিশ্বৰ সন্মুখত এই বন্ধুত্বই যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কাৰণ তেলৰ অভাৱৰ বাবেই পূৰ্বে চীন বহু ক্ষেত্ৰত বিফল হৈছিল। কিন্তু এতিয়া তেলৰ ভাণ্ডাৰ চীনে লাভ কৰাৰ লগে লগে চীন পূৰ্বতকৈয়ো অধিক শক্তিশালী হৈ পৰিব যিটো ভাৰতৰ লগতে বিশ্বৰ বহু ৰাষ্ট্ৰৰ বাবে এক চিন্তনীয় দিশ।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 07, 2023, 17:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|