உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ হ'লে পুৰস্কাৰ, প্ৰদান কৰা হয় ১ লাখ ৩৩ হাজাৰ টকা

    কোৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ হ'লে পুৰস্কাৰ, প্ৰদান কৰা হয় ১ লাখ ৩৩ হাজাৰ টকা

    জাননী জাৰি কৰাৰ পিছত স্বেচ্ছামূলক কোৰোনা পৰীক্ষাৰ (Covid-19) বাবে কোভিড চেণ্টাৰত ভিৰ পৰিলক্ষিত হৈছে।

    জাননী জাৰি কৰাৰ পিছত স্বেচ্ছামূলক কোৰোনা পৰীক্ষাৰ (Covid-19) বাবে কোভিড চেণ্টাৰত ভিৰ পৰিলক্ষিত হৈছে।

    জাননী জাৰি কৰাৰ পিছত স্বেচ্ছামূলক কোৰোনা পৰীক্ষাৰ (Covid-19) বাবে কোভিড চেণ্টাৰত ভিৰ পৰিলক্ষিত হৈছে।

    • Share this:

    কোৰোনাৰ পৰীক্ষা মানে একপ্ৰকাৰৰ টেনচন। ভয়ৰ বাবে হাস্পতালেই হওক বা আন কোনো স্থানৰ বাধ্যতামূলক কোৰোনা পৰীক্ষাৰ পৰা বহুতে ৰেহাই পোৱাৰ কথা ভাবে। বহুতে আনকি বেমাৰত পৰাৰ পিছতো কোৰোনাৰ পৰীক্ষা কৰিবলৈ অনিচ্ছুক হয়।


    এনেধৰণৰ কাৰণত কাৰোবাৰ কোৰোনা হোৱাৰ পিছতো গম নোপোৱাকৈ তেওঁ সংক্ৰমণ কৰি থাকিব পাৰে আনৰ বাবে বিপজ্জনক ভাইৰাছ। গতিকে এখন দেশে এইক্ষেত্ৰত স্বেচ্ছামূলক কোৰোনা পৰীক্ষা কৰাৰ বাবদ ঘোষণা কৰিছে বঁটা (reward those who test positive for Covid-19)। এই দেশখন কৰোনাৰ উত্পত্তিস্থল চীন।


    চীনৰ চৰকাৰী সংবাদ মাধ্যম বেইজিং নিউজৰ ইনচাইডাৰে এই খবৰ প্ৰকাশ কৰিছে। এই তথ্য শনিবাৰে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা এক জাননীত পোৱা গৈছে। চীনৰ উত্তৰ হেইলোংজিয়াং প্ৰদেশৰ (northeastern Chinese city) ৰাজধানী হাৰ্বিনত স্বেচ্ছামূলক কোৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ হলে তেওঁক পুৰস্কাৰ প্ৰদান কৰা হয়। পুৰস্কাৰৰ মূল্য সামান্য নহয়, ১ লাখ ৩৩ হাজাৰ টকা।


    বিজ্ঞপ্তিটোত কৰ্তৃপক্ষই স্থানীয় বাসিন্দাসকলক যিকোনো ঠাইতে কোৰোনা সংক্ৰমণ নিবিয়পিবলৈ বিশেষ যত্ন লোৱাৰ পৰামৰ্শ দিয়া হৈছে। জাননী জাৰি কৰাৰ পিছত স্বেচ্ছামূলক কোৰোনা পৰীক্ষাৰ (Covid-19) বাবে কোভিড চেণ্টাৰত ভিৰ পৰিলক্ষিত হৈছে। উল্লেখ্য, দেওবাৰে হাৰ্বিন চহৰৰ সাতটা মৃতদেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল। সাধৰণ ৰোগত মৃত্যু হোৱা বুলি ভবা হৈছিল যদিও কোৰোনা পৰীক্ষা কৰোঁতে এই কথা পোহৰলৈ আহে।

    Published by:Gautam Barman
    First published: