உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোণাৰ পিছত এইবাৰ আন এক নতুন বিপদ! এইবাৰ মানুহৰ দেহত বাৰ্ড ফ্লু, চীনত প্ৰথমটো ঘটনা

    কোৰোণাৰ পিছত এইবাৰ আন এক নতুন বিপদ! এইবাৰ মানুহৰ দেহত বাৰ্ড ফ্লু, চীনত প্ৰথমটো ঘটনা

    স্বাস্থ্য বিভাগে এই সংক্ৰমণক অধিক গুৰুত্ব নিদি কয় যে এয়া হাঁহ–মুৰ্গীৰ পৰা মানুহলৈ এই ভাইৰাছ বিয়পাৰ সৰু–সুৰা ঘটনা আৰু ইয়াৰ পৰা মহামাৰী বিয়পাৰ বিপদাশংকা একেবাৰে কম।

    • Share this:
    কোৰোণা ভাইৰাছৰ পিছত এইবাৰ আন এক নতুন বিপদ! মানুহৰ দেহত বাৰ্ড ফ্লুৰ (Bird flu H10N3 Strain) সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে চীনৰ পূব প্ৰান্তৰ জিয়াংছুত। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে মঙলবাৰে এই তথ্য সদৰি কৰে। চৰকাৰী চিজিএনটি টিভিৰ মতে, ঝেনজিয়াং চহৰৰ ৪১ বছৰীয়া ৰোগীজনৰ স্বাস্থ্য সুস্থিৰ আৰু তেওঁক হাস্পতালৰ পৰা দিয়া হ’ব পাৰে।

    ঝেনজিয়াঙৰ বাসিন্দা এই লোকজনৰ জ্বৰ আৰু আন লক্ষণ দেখা দিয়াৰ পিছত ২৮ এপ্ৰিলত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ২৮ মে’ত এই লোকজনৰ H10N3 এভিয়েন ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা জানিব পাৰে। অৱশ্যে এই লোকজন এই ভাইৰাছৰ দ্বাৰা কেনেকৈ সংক্ৰমিত হ’ল সেয়া জানিব পৰা হোৱা নাই।

    স্বাস্থ্য বিভাগে এই সংক্ৰমণক অধিক গুৰুত্ব নিদি কয় যে এয়া হাঁহ–মুৰ্গীৰ পৰা মানুহলৈ এই ভাইৰাছ বিয়পাৰ সৰু–সুৰা ঘটনা আৰু ইয়াৰ পৰা মহামাৰী বিয়পাৰ বিপদাশংকা একেবাৰে কম। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এক বিবৃতিত কয় যে ৰোগীজনক ২৮ মে’ত H10N3 ভাইৰাছত সংক্ৰমিত পোৱা গৈছিল। কিন্তু লোকজন কেনেকৈ সংক্ৰমিত হ’ল সেয়া আয়োগে প্ৰকাশ নকৰিলে। আয়োগে কয় যে ইয়াৰ পূৰ্বে বিশ্বত কোনো স্থানত মানুহৰ দেহত H10N3 সংক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাছিল।
    Published by:Sanjay Kumar Das
    First published: