• Home
  • »
  • News
  • »
  • world
  • »
  • তেজপুৰৰ বায়ুসেনাৰ ঘাটি ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি ৰঙা চীনে? ছেটেলাইটৰ পৰা লোৱা ফটোৱে দিছে ভয়ংকৰ তথ্য

তেজপুৰৰ বায়ুসেনাৰ ঘাটি ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি ৰঙা চীনে? ছেটেলাইটৰ পৰা লোৱা ফটোৱে দিছে ভয়ংকৰ তথ্য

Source-Google

Source-Google

চীনৰ মূল লক্ষ্য যদিও অৰুণাচল প্ৰদেশ, কিন্তু পূৱ সীমান্তত সামৰিকভাৱে ভাৰতক পংগু কৰাৰ নতুন কৌশল চীনৰ ৷

  • Share this:
এইবাৰ চীনৰ লক্ষ্য- তেজপুৰ বায়ুসেনাৰ ঘাটি ধ্বংস কৰা! চীনৰ মূল লক্ষ্য যদিও অৰুণাচল প্ৰদেশ, কিন্তু পূৱ সীমান্তত সামৰিকভাৱে ভাৰতক পংগু কৰাৰ নতুন কৌশল চীনৰ ৷ যুদ্ধকালীন তত্‍পৰতাৰে চীনে তেজপুৰৰ বায়ুসেনা ঘাটি তথা অসামৰিক বিমানবন্দৰ ধ্বংস কৰাৰ পৰিকল্পনা যুগুতাইছে ৷ ‘Open Source Intelligence’ অৰ্থাৎ ছেটেলাইটৰ পৰা লোৱা আলোকচিত্ৰ বিশ্লেষণ কৰি ভাৰতৰ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগক এই সন্দৰ্ভত সতৰ্ক কৰি দিছে৷



উল্লেখ্য যে, ভাৰত-চীন সীমান্তৰ অন্যতম এয়াৰবেছ হৈছে তেজপুৰ৷ তেজপুৰতেই আছে বায়ুসেনাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ২ আৰু ১০৬ নং স্কোৱাড্ৰন ৷ সেয়েহে নিসন্দেহে চীনৰ প্ৰথম লক্ষ্য হ'ব তেজপুৰ ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে - ‘Open Source Intelligence’ৰ জৰিয়তে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি ম্যানমাৰ সীমান্তৰ মাত্ৰ ৩ কিঃমিঃ দূৰত্বৰ ‘য়ুনান প্ৰদেশ’ত চীনে ইতিমধ্যে এটা সামৰিক নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিছে ৷ মূলতঃ চীনৰ বায়ুসেনাৰ বাবে প্ৰস্তুত কৰা এই নিৰীক্ষণ কেন্দ্ৰত স্থাপন কৰা হৈছে সুবিশাল ৰাডাৰো ৷



লক্ষ্যণীয়ভাৱে এই ৰাডাৰ পোন কৰি থোৱা হৈছে তেজপুৰ অভিমুখে ৷ তেন্তে কি সঁচাকৈয়ে চীন সাজু হৈ উঠিছে নেকি ভাৰত আক্ৰমণৰ বাবে? তেজপুৰ বিমানঘাটিক লক্ষ্য কৰি চীনে প্ৰথমটো আক্ৰমণ সংঘটিত কৰিব নেকি?

কিদৰে সাজু হৈ উঠিছে ভাৰত? কিদৰে চীনৰ সৈতে মোকাবিলা কৰিব ভাৰতীয় বায়ুসেনাই ?চীনক উচিত প্ৰত্যুত্তৰ দিব পৰাকৈ সাজুনে তেজপুৰ বায়ুসেনা? অৱশ্যে এই মুহুৰ্তত কোনো কথা ব্যক্ত কৰিব বিচৰা নাই তেজপুৰ বায়ুসেনাই ৷ কিন্তু পূৰ্বৰ AOC এম কে গুপ্তাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰি  বায়ুসেনাৰ AOC তেজপাল সিঙে সংবাদমাধ্যমৰ আগত কয় যে, ‘ যি  কোনো প্ৰত্যাহ্বান প্ৰতিহত কৰিব পৰাকৈ সাজু তেজপুৰ বায়ুসেনা ঘাটি ৷ দেশৰ বিপদকালীন সময়ত যুঁজিব পৰাকৈ সদায় সাজু তেজপুৰ বায়ুসেনা৷'
Published by:Himangshu Bhuyan
First published: