বিশ্বত্ৰাস কোৰোণা ভাইৰাছৰ উত্পত্তিস্থল চীন দেশৰ য়ুহানলৈ এতিয়া ক্ৰমাত্ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি
বিশ্বত্ৰাস কোৰোণা ভাইৰাছৰ উত্পত্তিস্থল চীন দেশৰ য়ুহানলৈ এতিয়া ক্ৰমাত্ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি
বিশ্বত্ৰাস কোৰোণা ভাইৰাছৰ উত্পত্তিস্থল চীন দেশৰ য়ুহানলৈ এতিয়া ক্ৰমাত্ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি। কোৰোণাক প্ৰতিৰোধ কৰিবলৈ য়ুহানত সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছিল বিদ্য়ালয়সমূহ।
কিন্তু এতিয়া ক্ৰমাত্ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আকৌ আৰম্ভ হৈছে বিদ্য়ালয়ত পাঠদান। সংবাদ প্ৰতিষ্ঠান বিবিচৰ মতে, প্ৰদেশখনৰ বিদ্যালয়সমূহ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈহে খোলা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰী বিদ্য়ালয়লৈ আহিছে, তেওঁলোকৰ প্ৰত্যেকদিনাই কোৰোণাৰ পৰীক্ষা চলি থাকিব বুলি চীনা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
আনহাতে য়ুহানক বাদ দি চীনৰ অন্যান্য ৰাজ্যত যোৱা মাৰ্চ মাহৰ পৰাই দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিদ্য়ালয়ত পাঠ দান চলি আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|