চীনে দ্ৰুতগতিত বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণ। অস্ত্ৰভাণ্ডাৰ বৃদ্ধি কৰি থকা চীনৰ ২০৩০ চনৰ ভিতৰত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা কমেও ১,০০০ত উপনীত হ'ব পাৰে। এই তথ্য প্ৰকাশ কৰিছে পেন্টাগনে। প্ৰতিবেদনত কোৱা হৈছে যে চীনে ইয়াৰ ভূমি, সামুদ্ৰিক আৰু বায়ু আধাৰিত পাৰমাণৱিক ক্ষমতা বৃদ্ধি কৰিছে। আনহাতে পাৰমাণৱিক শক্তি সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিও নিৰ্মাণ কৰি আছে দেশখনে।
এই প্ৰতিবেদনখন এনে এক সময়ত প্ৰকাশ কৰা হৈছে যেতিয়া টাইৱানকে ধৰি কেইবাটাও বিষয়ত আমেৰিকা-চীনৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে। উল্লেখ্য, এবছৰ পূৰ্বে পেন্টাগনে প্ৰতিবেদনত কৈছিল যে বেইজিঙৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা এক দশকৰ ভিতৰত প্ৰায় ৪০০ হ'ব পাৰে। কিন্তু ভবাতকৈ বহু আগুৱাই আছে চীন।
প্ৰতিবেদনখনত লগতে টাইৱান, ভাৰত আৰু ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ আৰু ভিয়েটনামৰ বিৰুদ্ধে বেইজিঙৰ কঠোৰ স্থিতিত উদ্বেগ প্ৰকাশ কৰিছে। পেন্টাগনে কয় যে চীনৰ ওচৰত ২০২৭ চনৰ ভিতৰত ৭০০টালৈকে পাৰমাণৱিক অস্ত্ৰ থাকিব পাৰে, আৰু বেইজিঙে ২০৩০ চনৰ ভিতৰত ১,০০০ পাৰমাণৱিক অস্ত্ৰ নিজৰ লগত ৰাখিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|