உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • চীন চৰকাৰৰ সিদ্ধান্ত– দেশখনৰ দম্পতীয়ে এতিয়াৰে পৰা জন্ম দিব পাৰিব তিনিটা সন্তান

    চীন চৰকাৰৰ সিদ্ধান্ত– দেশখনৰ দম্পতীয়ে এতিয়াৰে পৰা জন্ম দিব পাৰিব তিনিটা সন্তান

     যোৱা ৪০ বছৰ ধৰি এটা চীনা দম্পতীয়ে জন্ম দিব পাৰিছিল কেৱল এটা সন্তান

    যোৱা ৪০ বছৰ ধৰি এটা চীনা দম্পতীয়ে জন্ম দিব পাৰিছিল কেৱল এটা সন্তান

    যোৱা ৪০ বছৰ ধৰি এটা চীনা দম্পতীয়ে জন্ম দিব পাৰিছিল কেৱল এটা সন্তান

    • Share this:

    বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ চীনত সন্তানৰ জন্মৰ হাৰ হ্ৰাস পোৱাৰ সমান্তৰালকৈ বৃদ্ধ লোকৰ সংখ্যা পাইছে বৃদ্ধি। দেশখনে এই পৰিস্থিতিত এটা নতুন পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰিছে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ মতে, চীনা দম্পতীসকলে এতিয়াৰ পৰা তিনিটালৈকে সন্তান জন্ম দিব পাৰিব। চীন চৰকাৰে দেশখনত কৰা এক লোকপিয়লত দেশখনত বৃদ্ধ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সন্তানৰ জন্মৰ হাৰ কমাত এই সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে চীনে কঠোৰ পৰিয়াল পৰিকল্পনা নীতি লৈছিল, সেই অনুযায়ী যোৱা ৪০ বছৰ ধৰি এটা দম্পতীয়ে কেৱল জন্ম দিব পাৰিছিল মাত্ৰ এটা সন্তান।


    ২০১৬ চনত এই নীতিৰ পৰা ওলাই আহি দুটা সন্তান জন্ম দিয়াৰ নীতি প্ৰযোজ্য হৈছিল। অৰ্থনৈতিক স্থবিৰতা আৰু জনশক্তিৰ কথা বিবেচনা কৰি লোৱা উক্ত সিদ্ধান্ত এতিয়া উঠাই দিয়া হৈছে। তিনিটা সন্তানৰ সিদ্ধান্ত চীনৰ কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰোৰ সোমবাৰৰ বৈঠকত লোৱা হয়। উল্লেখ্য, চীনত সন্তান জন্মৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ১৯৬০ চনৰ পিছত দেশখনত সন্তান জন্মৰ হাৰ বহুখিনি কমা পৰিলক্ষিত হৈছিল।

    Published by:Gautam Barman
    First published: