মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »"টাইৱানৰ বিদ্ৰোহীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে এক বৃহৎ অভিযান"- কমিউনিষ্ট পাৰ্টী কংগ্ৰেছত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মন্তব্য

"টাইৱানৰ বিদ্ৰোহীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে এক বৃহৎ অভিযান"- কমিউনিষ্ট পাৰ্টী কংগ্ৰেছত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মন্তব্য

কমিউনিষ্ট পাৰ্টীৰ এখন বৈঠকত ডাঙৰ বক্তব্য আগবঢ়াইছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে

কমিউনিষ্ট পাৰ্টীৰ এখন বৈঠকত প্ৰথমবাৰৰ বাবে কৰ’নাক লৈ এক ডাঙৰ বক্তব্য আগবঢ়াইছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে। তেওঁ কয় যে মহামাৰীৰ সময়ত চীনে জনসাধাৰণক সুৰক্ষিত ৰখাত অগ্ৰাধিকাৰ দিছিল আৰু তেওঁলোকৰ সম্পূৰ্ণ যত্ন লৈছিল।

  • Share this:
আজিৰ পৰা আৰম্ভ হ’ল চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ ২০ সংখ্যক কংগ্ৰেছ। ৰাষ্ট্ৰপতি জি জিনপিঙেও এই বৈঠকত অংশগ্ৰহণ কৰিছে। তেওঁৰ সৈতে দলৰ আন গুৰুত্বপূৰ্ণ সদস্যসকলেও অংশগ্ৰহণ কৰিছে। কমিউনিষ্ট পাৰ্টীৰ সন্মিলনৰ প্ৰথম দিনাই ৰাষ্ট্ৰপতি জি জিনপিঙে কয় যে চীনে টাইৱানৰ বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে বৃহৎ সংগ্ৰাম চলাইছে। তেওঁ কয় যে চীন ভূখণ্ডৰ অখণ্ডতা বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, জি জিনপিঙে কয় যে চীনে হংকঙৰ ওপৰত ফলপ্ৰসূ নিয়ন্ত্ৰণ স্থাপন কৰাত সফল হৈছে। বৈঠকত জি জিনপিঙে কোভিড-১৯ সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে।

অভিলেখ গঢ়ি তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ ওচৰ চপা জি জিনপিঙে কংগ্ৰেছত কয় যে কৰ’না বিশ্ব মহামাৰীৰ সময়ত জনসাধাৰণক অগ্ৰাধিকাৰ দি তেওঁলোকৰ সম্পূৰ্ণ যত্ন লোৱা হৈছিল। উল্লেখযোগ্য যে চীনত ক'ৰনা মহামাৰী বিয়পি পৰাৰ সময়ত চীনত যি ধৰণৰ কঠোৰতা গ্ৰহণ কৰা হৈছিল সেয়া যথেষ্ট সমালোচিত হৈছিল। ৰাষ্ট্ৰপতি জি জিনপিঙৰ এই বক্তব্য অতি গুৰুত্বপূৰ্ণ।

কমিউনিষ্ট পাৰ্টীৰ এখন বৈঠকত প্ৰথমবাৰৰ বাবে কৰ’নাক লৈ এক ডাঙৰ বক্তব্য আগবঢ়াইছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে। তেওঁ কয় যে মহামাৰীৰ সময়ত চীনে জনসাধাৰণক সুৰক্ষিত ৰখাত অগ্ৰাধিকাৰ দিছিল আৰু তেওঁলোকৰ সম্পূৰ্ণ যত্ন লৈছিল। দেওবাৰৰ পৰা আৰম্ভ হোৱা কমিউনিষ্ট পাৰ্টিৰ কংগ্ৰেছ এসপ্তাহলৈ চলিব। অনুমান কৰা হৈছে যে এই সময়ছোৱাত জি জিনপিঙক একেৰাহে তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি বনোৱাৰ ওপৰত মোহৰ লগোৱা হ’ব। যদি এনেকুৱা হয় তেন্তে ৩ দশকৰ আগতে স্থাপন কৰা বিধান ভংগ হ’ব আৰু নতুন অভিলেখ সৃষ্টি কৰা হ’ব। উল্লেখযোগ্য যে প্ৰায় ৩০ বছৰ আগতে এজন ব্যক্তিক সৰ্বাধিক ১০ বছৰ (দুটা কাৰ্যকাল) ৰাষ্ট্ৰপতি হোৱাৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। জি জিনপিঙে তৃতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

তথ্য অনুসৰি ৰাষ্ট্ৰপতি জি জিনপিঙৰ বাহিৰে সকলো নেতাক সলনি কৰা হ’ব। ইয়াৰ ভিতৰত চীনৰ ২ নম্বৰ লি কেকিয়াংৰ নামো আছে। কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সভাত ২২৯৬ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি জি জিনপিঙে নিৰ্ধাৰণ কৰা নিয়মাৱলীৰ ভিত্তিত দলৰ সকলো সদস্যই কংগ্ৰেছত অংশগ্ৰহণ কৰিছে। জানিব লাগিব যে শূণ্য ক'ভিড নীতিৰ অধীনত অতি কঠোৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত চীনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈছিল। ইফালে কমিউনিষ্ট দলৰ কংগ্ৰেছৰ মুখপাত্ৰ ছুন য়েলিয়ে জনোৱা মতে, ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ চলিব সাধাৰণ অধিৱেশন।

শেহতীয়া বাতৰি