চীন দেশে এটা পৰিয়ালত তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি প্রদান কৰিছে। দেশখনৰ চৰকাৰী মুখপাত্ৰই সোমবাৰে জনোৱা মতে, কিছুদিনৰ পূৰ্বে সমাপ্ত হোৱা দেশখনৰ লোকপিয়লত ভয়ংকৰভাৱে জন্মৰ হাৰ হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে; যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, দেশখনে চাৰি দশক পূৰ্বে এটা পৰিয়ালত এটা সন্তান নীতি প্ৰৱৰ্তন কৰিছিল আৰু অতি নিষ্ঠুৰভাৱে এই নীতি কাৰ্যকৰী কৰিছিল। অৱশ্যে ২০১৬ চনত দেশখনে এই নীত পৰিহাৰ কৰিছিল। এতিয়া চীন কেৱল বৃদ্ধ মানুহৰ দেশলৈ পৰিবৰ্তন হোৱাৰ শংকাত ভুগিছে।
ভাৰতৰ বৃহৎ যুৱ জনসংখ্যাই ভাৰতৰ অৰ্থনীতিৰ ঊৰ্ধ্বমুখী গতিত তৰান্বিত কৰাক লৈও চীন চিন্তিত বুলি বিশ্লেষকে ক’ব খোজে। অহা তিনিটা দশকত ভাৰত আৰু আমেৰিকাই নিজ-নিজ যুৱশক্তিক ব্যৱহাৰ কৰি অৰ্থনৈতিক অগ্ৰগতিত চীনক পাৰ কৰি যোৱাৰ শংকাত এতিয়া চীন। চীনৰ জনসংখ্যা অতি লেহেমীয়া গতিত বৃদ্ধি পোৱাৰ লগতে দেশখনৰ বুজন সংখ্যক বৃদ্ধ জনসংখ্যাক চোৱাচিতা কৰাটো সামাজিক আৰু অৰ্থনৈতিকভাৱে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে চীনৰ কাৰণে।