কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চীনত, এইপৰ্যন্ত ২৫জন লোকৰ মৃত্যু, আবদ্ধ ২৫ ভাৰতীয়

News18 Assam | News18-Assam
Updated:January 24, 2020, 11:00 AM IST
কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চীনত, এইপৰ্যন্ত ২৫জন লোকৰ মৃত্যু, আবদ্ধ ২৫ ভাৰতীয়
বৃহস্পতিবাৰে সন্ধিয়া হুবেইৰ ৫খন চহৰ ক্ৰমে হুগাং, এঝাও, ঝিজিয়াং, কিনজিয়াং আৰু য়ুহান চহৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

বৃহস্পতিবাৰে সন্ধিয়া হুবেইৰ ৫খন চহৰ ক্ৰমে হুগাং, এঝাও, ঝিজিয়াং, কিনজিয়াং আৰু য়ুহান চহৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

  • Share this:
কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চীনত। এতিয়ালৈকে ২৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ শতাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ভাৰতীয় দূতাবাসৰ সূত্ৰ অনুসৰি, য়ুহান চহৰত আবদ্ধ হৈ আছে কেৰালাৰ ২০জন ছাত্ৰসহ মুঠ ২৫জন ভাৰতীয়। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ে বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি এই ছাত্ৰসকলক সহায়ৰ বাবে আহ্বান জনাইছে।

বৃহস্পতিবাৰে সন্ধিয়া হুবেইৰ ৫খন চহৰ ক্ৰমে হুগাং, এঝাও, ঝিজিয়াং, কিনজিয়াং আৰু য়ুহান চহৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে চীনে মাত্ৰ ৬দিনতে এখন নতুন হাস্পতাল নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে। এই হাস্পতালখন সম্পূৰ্ণৰূপে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ বাবে নিৰ্মাণ কৰা হ'ব। চীনৰ য়ুহান চহৰত ৬ একৰ ভূমিত নিৰ্মাণ কৰা হ'ব হাস্পতালখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি