
চীনত ক'ৰোনা সংক্ৰমণৰ বৰ্ধিত ঘটনাই চৰকাৰৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে শুক্ৰবাৰে কৈছে যে দেশখনে ১ ডিচেম্বৰত ৩৪,৯৮০ টা নতুন কৰোনা সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰিছে।
চীনত ক'ৰোনা সংক্ৰমণৰ বৰ্ধিত ঘটনাই চৰকাৰৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে শুক্ৰবাৰে কৈছে যে দেশখনে ১ ডিচেম্বৰত ৩৪,৯৮০ টা নতুন কৰোনা সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰিছে।
চীনত ক'ৰোনা সংক্ৰমণৰ বৰ্ধিত ঘটনাই চৰকাৰৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে শুক্ৰবাৰে কৈছে যে দেশখনে ১ ডিচেম্বৰত ৩৪,৯৮০ টা নতুন কৰোনা সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰিছে, যাৰ ভিতৰত আছে ৪,২৭৮ টা লক্ষণ থকা আৰু ৩০,৭০২ টা লক্ষণহীন। এদিন আগতে, চীনে ৩৬,০৬১ টা নতুন ঘটনা নথিভুক্ত কৰিছে। আনহাতে, কোভিড-১৯ৰ প্ৰসাৰ প্ৰতিহত কৰিবলৈ ৰূপায়ণ কৰা শূন্য কোভিড নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে।
প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি জি জিনপিঙৰ পদত্যাগো দাবী কৰিছে। এইটো দশকৰ ভিতৰত শাসকীয় কমিউনিষ্ট পাৰ্টিৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ প্ৰতিবাদ। প্ৰতিবাদবোৰ বেইজিং আৰু ছাংহাইকে ধৰি আঠখন চহৰলৈ বিয়পি পৰিছে, যাৰ পিছত জনসাধাৰণৰ ক্ষোভ শান্ত কৰাৰ লক্ষ্যৰে নিয়ম শিথিল কৰা হৈছে, কিন্তু শূন্য কোভিড নীতি থাকিব। অৱশ্যে, চীনা চৰকাৰে প্ৰতিবাদ বা সমালোচনা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|