• Home
  • »
  • News
  • »
  • world
  • »
  • China : আমেৰিকাক চেৰ পেলাই বিশ্বৰ সকলোতকৈ ধনী দেশ হ'ল চীন, কেতিয়াবা ভাৰততকৈও চীন আছিল দুখীয়া

China : আমেৰিকাক চেৰ পেলাই বিশ্বৰ সকলোতকৈ ধনী দেশ হ'ল চীন, কেতিয়াবা ভাৰততকৈও চীন আছিল দুখীয়া

China : প্ৰায় ৪০ বছৰ আগলৈ চীনৰ অৱস্থা ভাৰততকৈ শোচনীয় আছিল। কিন্তু ১৯৭৮ চনৰ পিছৰ পৰা চীনে গ্ৰহণ কৰা নীতিৰ বাবে আজি বিশ্বৰ এক নম্বৰ দেশ হ'ল চীন।

China : প্ৰায় ৪০ বছৰ আগলৈ চীনৰ অৱস্থা ভাৰততকৈ শোচনীয় আছিল। কিন্তু ১৯৭৮ চনৰ পিছৰ পৰা চীনে গ্ৰহণ কৰা নীতিৰ বাবে আজি বিশ্বৰ এক নম্বৰ দেশ হ'ল চীন।

China : প্ৰায় ৪০ বছৰ আগলৈ চীনৰ অৱস্থা ভাৰততকৈ শোচনীয় আছিল। কিন্তু ১৯৭৮ চনৰ পিছৰ পৰা চীনে গ্ৰহণ কৰা নীতিৰ বাবে আজি বিশ্বৰ এক নম্বৰ দেশ হ'ল চীন।

  • Share this:
নিজকে বিশ্বৰ হৰ্তা-কৰ্তা বিধাতা বুলি ভাবি থকা আমেৰিকা (America) এতিয়া প্ৰতিটো ক্ষেত্ৰতে চীন (China)তকৈ পিছ পৰিবলৈ ধৰিছে। এইবাৰ চীনে আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী দেশ (Richest Country) হৈ পৰিছে। যোৱা ২০ বছৰত পৃথিৱীৰ সম্পদ তিনিগুণ বৃদ্ধি পাইছে। এই সকলোবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ আচৰিত খবৰটো হ'ল যে চীন অকলে এই সম্পত্তিবোৰৰ এক-তৃতীয়াংশৰ অধিকাৰী। বিশ্বৰ দেশবোৰৰ বেলেন্স শ্বীট নিৰীক্ষণ কৰা মেনেজমেণ্ট কনচাল্টেণ্ট মেকেঞ্জি এণ্ড কোম্পানীৰ (Management Consultant McKinsey & Company) গৱেষণা শাখাৰ এক প্ৰতিবেদন অনুসৰি চীন এতিয়া বিশ্বৰ আটাইতকৈ ধনী দেশ।

প্ৰতিবেদন মতে বিশ্বৰ সৰ্বাধিক সম্পদ চীন আৰু দ্বিতীয় সৰ্ববৃহৎ সম্পদৰ গৰাকী আমেৰিকাৰ এই সম্পদৰ বৃহৎ অংশ মাত্ৰ কেইজনমান ধনী লোকৰ হাততহে আছে। প্ৰতিবেদন অনুসৰি এই দুয়োখন ধনী দেশৰ দহ শতাংশ লোকৰ হাতত সৰ্বাধিক সম্পদ  আছে। প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে এই দেশবোৰত ধনী লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ ফলত ধনী আৰু দৰিদ্ৰ দেশসমূহৰ মাজত এক বৃহৎ ব্যৱধান বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, ২০০০ চনত বিশ্বৰ মুঠ সম্পদ আছিল ১৫৬ ট্ৰিলিয়ন ডলাৰ, যি ২০২০ চনত, ২০ বছৰৰ পিছত ৫১৪ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। মেককিনি গ্লোবেল ইনষ্টিটিউটৰ সহযোগী জান মিশ্কে কয় যে পৃথিৱীৰ বহুতো দেশ ক্ৰমান্বয়ে ধনী হৈ পৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিশ্বব্যাপী মুঠ সম্পদৰ 68% ৰিয়েল ইষ্টেট হিচাপে বিদ্যমান, আনহাতে বাকী সম্পত্তিত আন্তঃগাঁথনি, যন্ত্ৰপাতি আৰু সঁজুলিৰ দৰে বস্তু অন্তৰ্ভুক্ত থাকে। প্ৰতিবেদনখনৰ আটাইতকৈ আচৰিত কথাটো হ'ল চীনৰ বিষয়ে। প্ৰতিবেদন অনুসৰি, 2000 চনত চীনৰ মুঠ সম্পদ আছিল 7 ট্ৰিলিয়ন ডলাৰ, যি দ্ৰুতগতিত বিদ্ধি হৈ 2020 চনত 120 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

চীনক ২০০০ চনৰ আগতেই বিশ্ব বাণিজ্য সংস্থাত অন্তৰ্ভুক্ত কৰা হৈছিল। তেতিয়াৰ পৰা চীনৰ অৰ্থনীতি কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে এইটো অনুমান কৰিব পাৰি। ২০ বছৰত বিশ্ব বৃদ্ধি হোৱা সম্পদৰ প্ৰায় এক তৃতীয়াংশ সম্পদ চীনত আছে। প্ৰতিবেদনত দ্বিতীয় স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পত্তি 20 বছৰত দুগুণ হৈছে। প্ৰতিবেদনঅনুসৰি, 2000 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পত্তি আছিল 90 ট্ৰিলিয়ন ডলাৰ। প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাত সম্পত্তিৰ মূল্য বৃদ্ধি নোহোৱাৰ বাবেই আমেৰিকাৰ সম্পত্তি চীনতকৈ কম আছিল আৰু যাৰ ফলত এক নম্বৰ স্থান হেৰুৱাব লগা হয়।

উল্লেখ্য যে প্ৰায় ৪০ বছৰ আগলৈ চীনৰ অৱস্থা ভাৰততকৈ শোচনীয় আছিল। কিন্তু ১৯৭৮ চনৰ পিছৰ পৰা চীনে গ্ৰহণ কৰা নীতিৰ বাবে আজি বিশ্বৰ এক নম্বৰ দেশ হ'ল চীন।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি