জিনপিঙে (Xi Jinping) এই আদেশ সংসদৰ অধিৱেশনৰ সময়ত পিপলছ লিবাৰেশ্যন আৰ্মী (পিএলএ) আৰু পিপলছ আৰ্মড পুলিছ ফৰ্চৰ প্ৰতিনিধিৰ পূৰ্ণ বৈঠকত অংশ লৈ প্ৰদান কৰে।
জিনপিঙে (Xi Jinping) এই আদেশ সংসদৰ অধিৱেশনৰ সময়ত পিপলছ লিবাৰেশ্যন আৰ্মী (পিএলএ) আৰু পিপলছ আৰ্মড পুলিছ ফৰ্চৰ প্ৰতিনিধিৰ পূৰ্ণ বৈঠকত অংশ লৈ প্ৰদান কৰে।
বেইজিংঃ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে সেনাক যুদ্ধৰ কাৰণে সাজু হৈ থাকিবলৈ কৈছে।জিনপিঙে মঙলবাৰে সেনাৰ কাৰণে এক আদেশ জাৰি কৰিছে আৰু সম্পূৰ্ণ দৃঢ়তাৰে দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ আহ্বান জনায়। জিনপিঙে (Xi Jinping) এই আদেশ সংসদৰ অধিৱেশনৰ সময়ত পিপলছ লিবাৰেশ্যন আৰ্মী (পিএলএ) আৰু পিপলছ আৰ্মড পুলিছ ফৰ্চৰ প্ৰতিনিধিৰ পূৰ্ণ বৈঠকত অংশ লৈ প্ৰদান কৰে। ইফালে জানিব পৰা মতে পূৱ লাডাখ পেংগং হ্ৰদৰ এলেকাত হোৱা সংঘাতত চীনা সৈন্যই নিজৰ সৈতে লাঠী, কাইঁটীয়া তাৰ আৰু শিল লৈ আহিছিল।
চীনা কমিউনিষ্ট পাৰ্টী (চিপিচি) ৰ মহাসচিব আৰু প্ৰায় ২০লাখ সৈনিকৰ সেনা গোটৰ মুৰব্বী ৬৬বৰ্ষীয় জিনপিঙে কয় যে, সীমা বিবাদ বাঢ়িছে আৰু বহুকেইখন দেশে মিলি চীনক লক্ষ্য কৰিবলৈ লৈছে, গতিকে এনে বেয়া পৰিস্থিতিত সেনাই সকলো মোকাবিলা কৰিবলৈ সাজু থাকিব লাগে। চৰকাৰী সংবাদ এজেন্সী চিনহুৱাৰ মতে, শ্বিয়ে আদেশ প্ৰদান কৰিছে যে সেনা সকলোতকৈ বেয়া পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিব লাগে, সেই বিষয়ে চিন্তা কৰি নিজৰ প্ৰশিক্ষণ আৰু প্ৰস্তুতি বৃদ্ধি কৰিব লাগে। লগতে সম্পূৰ্ণ দৃঢ়তাৰে ৰাষ্ট্ৰীয় অখণ্ডতা, সুৰক্ষা আৰু বিকাশ সম্বন্ধীয় হিত ৰক্ষা কৰে। জিনপিঙৰ এই টিপ্পণী বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (এলএচি)ত ভাৰত–চীনৰ মাজত প্ৰায় ২০দিন ধৰি অব্যাহত যুদ্ধৰ উত্তেজনাৰ পৃষ্ঠভূমিত আহিছে।
শিল দলিয়াইছিল চীনৰ সৈনিকে!
নিউজ এজেন্সী এএনআইয়ে সূত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে চীনা সৈনিকৰ গতি বিধি যথেষ্ট স্তম্ভিত কৰিব পৰা ধৰণৰ আছিল আৰু তেওঁলোকে ভাৰতীয় সৈনিকলৈ শিল দলিয়াইছিল। জানিব পৰা মতে, চীনৰ সৈনিকৰ সংখ্যা অধিক আছিল আৰু তেওঁলোকে যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিল। হ্ৰদৰ উত্তৰ দিশত ফিংগাৰ ফাইভ এলেকাত ভাৰত–চীনৰ প্ৰায় ২০০ সৈনিক মুখামুখি হৈছিল। ভাৰতে চীনৰ সৈনিকৰ উপস্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছিল যাৰ কাৰণে প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈনিকসকল ক্ষুব্ধ হৈ পৰে। ইয়াৰ পিছদিনা পুৱতি নিশাই দুয়োফালৰ সৈনিকৰ মাজত সংঘাত হয়।
শেহতীয়াকৈ লাডাখ আৰু উত্তৰ ছিক্কিমত ভাৰত আৰু চীনৰ সৈনিকে নিজৰ উপস্থিতি যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। দুয়োখন দেশৰ সৈনিকৰ মাজত বেলেগ বেলেগ ধৰণে সংঘাতপূৰ্ণ পৰিস্থিতিৰ দুটা সপ্তাহ পাৰ হোৱাৰ পিছত ক্ৰমাৎ দুয়োখন দেশৰ মনোভাৱ অতি কঠোৰ হৈছে। উল্লেখ্য যে, প্ৰায় ৩,৫০০ কিলোমিটাৰ দীঘল এলএচি দুয়োখন দেশৰ মাজত কাৰ্যতঃ সীমা এলেকা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|