আফগানিস্তানত তালিবানে চৰকাৰ গঠনৰ পিছতে চীনে আফগান চৰকাৰৰ বাবে ঘোষণা কৰিলে আৰ্থিক সাহায্য। চীনে চৰকাৰ চলাবলৈ তালিবানক ৩১০ লাখ (৩১ মিলিয়ন) আমেৰিকান ডলাৰৰ সাহায্য ঘোষণা কৰে। একে সময়তে চীনে আফগানিস্তানলৈ কোৰোণা ভেকচিনৰ পালিও প্ৰেৰণ কৰিছে। চীনে এই সাহায্যৰ প্ৰসংগত কয় যে বিশৃংখলতা সমাপ্ত কৰা আৰু শৃংখলা পুনৰুদ্ধাৰ কৰাত সহায় কৰাটো প্ৰয়োজনীয়।
আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত চুবুৰীয়া দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথম বৈঠকত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয়, "চীনে আফগানিস্তানক খাদ্যশস্য, ঠাণ্ডা সামগ্ৰী, কোৰোনা ভেকছিন আৰু প্ৰয়োজনীয় ঔষধ প্ৰদান কৰিব।" পাকিস্তানৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ইৰাণ, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।
অৱশ্যে ৰাছিয়াই পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিৰ দ্বাৰা আয়োজিত বৈঠকত উপস্থিত নাছিল। চীনে ইতিমধ্যে আহ্বান জনাইছিল যে বিশ্বই তালিবানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা উচিত, যাতে বিত্তীয় সাহায্য অব্যাহত ৰখা হয়। আনহাতে, চীনে তালিবানে এতিয়া আফগানিস্তানৰ পৰিস্থিতি স্বাভাৱিক কৰা উচিত বুলিও উল্লেখ কৰে।
উল্লেখ্য, তালিবানে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে চীন এক অৰ্থনৈতিক মহাশক্তি, সেয়েহে ই ইয়াক এক ডাঙৰ অংশীদাৰ বুলি বিবেচনা কৰে। তালিবানৰ মুখপাত্ৰ জাবেইহুল্লাহ মুজাহিদে ইটালীৰ এখন বাতৰি কাকতক কৈছিল যে তেওঁৰ গোটটো মুখ্যতঃ চীনৰ অৰ্থনৈতিক সাহায্যৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰে আফগানিস্তানলৈ বিত্তীয় সাহায্য বন্ধ কৰিছে।ইয়াৰ পিছত তালিবানে চৰকাৰ চলাবলৈ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।
ইফালে, চীনে তালিবানৰ জৰিয়তে বাগৰাম এয়াৰবেচ দখল কৰিবলৈ চেষ্টা কৰি আছে বুলি বাতৰি পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আফগান যুদ্ধৰ সময়ত প্ৰায় ২০ বছৰ ধৰি এই এয়াৰবেচ ব্যৱহাৰ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।