প্ৰদূষণে বিশ্বলৈ মাতি অনা এটাৰ পিছত এটাকৈ বিপদৰ উদাহৰণ দেখিও ইয়াৰ মাত্ৰা কমোৱাৰ সলনি বৃদ্ধিৰহে বাতৰি প্ৰতিদিনে আহিব ধৰিছে। আৰ্জেণ্টিনাৰ দক্ষিণ পাটোগোনিয়া অঞ্চলৰ এটা অগভীৰ হ্ৰদৰ পানীৰ ৰং উজ্জ্বল গুলপীয়া হৈ পৰিছে এই প্ৰদূষণৰ বাবেই।
বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মীসকলে এই সন্দৰ্ভত কৈছে যে ৰাসায়নিক পদাৰ্থৰ ফলত হোৱা প্ৰদূষণৰ বাবে হ্ৰদটোৰ পানীৰ ৰং অস্বাভাৱিক হৈ পৰিছে। মিছামাছ ৰপ্তানিৰ বাবে সংৰক্ষণ কৰিবলৈ ব্যৱহৃত ৰাসায়নিক উপাদানে হ্ৰদটোৰ পানীৰ ৰং সলনি কৰিছে। স্থানীয় পৰিৱেশবিদসকলৰ মতে, স্থানীয় মাছৰ ৰপ্তানিৰ কাৰখানাত ছডিয়াম ছালফেট ব্যৱহাৰৰ ফলতে এই অৱস্থা হৈছে হ্ৰদটোৰ।
মাছ সংৰক্ষণৰ বাবে ছডিয়াম ছালফেট এণ্টিবেক্টেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয়। কাৰখানাৰ পৰা ওলোৱা ছডিয়াম ছালফেটে স্থানীয় নদী চুবুটৰো পানী প্ৰদূষিত কৰিছে। এই পানী কাৰ্ফো নামৰ হ্ৰদকে ধৰি অঞ্চলটোৰ আন অংশলৈ প্ৰবাহিত হৈ আবদ্ধ হ্ৰদটোৰ ৰং সলনি কৰিছে।
এগৰাকী পৰিবেশকৰ্মী পাবলো লাডাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, যোৱা সপ্তাহত হ্ৰদটোৰ পানীয়ে গুলপীয়া ৰূপ লয়। উল্লেখ্য, মাছৰ আৱৰ্জনাত থকা ৰাসায়নিক পদাৰ্থবোৰ গুচাই পেলাব লাগে যদিও সেয়া কৰা হোৱা নাই বাবে হ্ৰদে এই ৰূপ লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|