অৱশেষত NASAই সন্ধান উলিয়ালে ভাৰতৰ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ। লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰ (LRO)-এ চন্দ্ৰপৃষ্ঠত সন্ধানহীন চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ ফটো প্ৰেৰণ কৰিছে নাছালৈ। টুইটাৰযোগে এই ফটো প্ৰকাশ কৰিছে NASAই। চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰ ধ্বংস হোৱা স্থানৰ ৭৫০ মিটাৰ দূৰত ধৰা পৰিছে ইয়াৰ ধ্বংসাৱশেষ।
নাছাই নিশা প্ৰায় ১.৩০ বজাত চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰৰ ধ্বংসপ্ৰাপ্ত হোৱা স্থানৰ ফটো প্ৰকাশ কৰে। নাছাই কয় যে লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰ (LRO)-এ লেণ্ডাৰ বিক্ৰমৰ তিনিটা টুকুৰা ধৰা পেলাইছে।
নাছাই প্ৰকাশ কৰা ফটোত নীলা আৰু সেউজীয়া চিহ্নৰে বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষ দেখুওৱা হৈছে। ছবিত দেখা গৈছে যি স্থানত লেণ্ডাৰ বিক্ৰম ধ্বংসপ্ৰাপ্ত হৈছিল সেই স্থানত গাঁত হৈছে।
নাছাই বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষৰ সন্ধান উলিওৱাৰ কৃতিত্ব চেন্নাইৰ এগৰাকী অভিযন্তাক দিছে। নাছাই নিজৰ বিবৃতিত কয় যে – ছানমুগা সুব্ৰমনিয়ন নামৰ এজন লোকে ধ্বংসাৱশেষ চিনাক্ত কৰে। তেওঁ LRO প্ৰজেক্টৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ছানমুগাই ধ্বংসপ্ৰাপ্ত স্থানৰ উত্তৰ–পশ্চিম দিশত প্ৰায় ৭৫০ মিটাৰ দূৰত ধ্বংসাৱশেষৰ চিনাক্ত কৰে।
সংবাদ প্ৰতিষ্ঠান এএফপিৰ মতে, ISRO–এ নাছাৰ পৰা বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষৰ সবিশেষ তথ্য বিচাৰিছে। নাছাই শীঘ্ৰে এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিব ISROক।
উল্লেখযোগ্য যে ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত হাৰ্ড লেণ্ডিং কৰিছিল চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিঃমিঃ পূৰ্বে ISROৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|