মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »মাত্ৰ ৪ দিন আৰু...চন্দ্ৰলৈ যাব ভাৰত, চন্দ্ৰযানক লৈ ডাঙৰ খবৰ

মাত্ৰ ৪ দিন আৰু...চন্দ্ৰলৈ যাব ভাৰত, চন্দ্ৰযানক লৈ ডাঙৰ খবৰ

ISROই আজি অৰ্থাৎ ১৮ জুলাইত টুইটাৰযোগে প্ৰকাশ কৰিলে যে চন্দ্ৰযান–২ৰ উৎক্ষেপণ ২২ জুলাইৰ দুপৰীয়া ২.৪৩ বজাত কৰা হ’ব। ইছৰোৰ বিজ্ঞানীয়ে হিলিয়াম লিকেজৰ বিসংগতি ঠিক কৰি লোৱা হৈছে।

ISROই আজি অৰ্থাৎ ১৮ জুলাইত টুইটাৰযোগে প্ৰকাশ কৰিলে যে চন্দ্ৰযান–২ৰ উৎক্ষেপণ ২২ জুলাইৰ দুপৰীয়া ২.৪৩ বজাত কৰা হ’ব। ইছৰোৰ বিজ্ঞানীয়ে হিলিয়াম লিকেজৰ বিসংগতি ঠিক কৰি লোৱা হৈছে।

  • Share this:
    ২২ জুলাই দুপৰীয়া ২.৪৩ বজাত চন্দ্ৰযান–২ৰ হ’ব উৎক্ষেপণ

    ১৫ জুলাইত উৎক্ষেপণৰ কিছু সময় পূৰ্বে স্থগিত কৰা হৈছিল চন্দ্ৰযান–২
    Cryogenic Stageত হোৱা হিলিয়াম লিকেজ ঠিক কৰা হ’ল

    ১৫ জুলাইত ISROই দ্বিতীয়টো মুন মিছন চন্দ্ৰযান–২ৰ উৎক্ষেপণ ৫৬.২৪ মিনিট পূৰ্বে স্থগিত কৰিছিল। চন্দ্ৰযান–২ পুৱতি নিশা ২.৫১ বজাত দেশৰ আটাইতকৈ শক্তিশালী ৰকেট GSLV-MK3ৰ পৰা উৎক্ষেপণ কৰাৰ কথা আছিল। কিন্তু ৫৬.২৪ মিনিট পূৰ্বে কাউণ্টডাউন স্থগিত কৰা হৈছিল কাৰণ GSLV-MK3 ৰকেটৰ Cryogenic Stageৰ কমাণ্ড গেছ বটলত প্ৰেছাৰ লিকেজ আছিল। যাৰ বাবে হিলিয়ামেৰে ভৰ্তি হৈ আছিল। ইয়াৰ জৰিয়তে ক্ৰায়জেনিক ইঞ্জিনত ভৰ্তি হৈ থকা Liquid Oxygen আৰু Liquid Hydrogenক ঠাণ্ডা ৰখাত সহায় কৰে। হিলিয়াম লিকেজৰ বাবে মিছন স্থগিত কৰি ৰখা হৈছিল।


    শেহতীয়া বাতৰি