মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»PNB Case : পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছীক ভাৰতলৈ অনাৰ বাবে অভিযানত নামি পৰিছে CBI আৰু EDৰ দল

PNB Case : পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছীক ভাৰতলৈ অনাৰ বাবে অভিযানত নামি পৰিছে CBI আৰু EDৰ দল

News18 Assam | News18-Assam
Updated:June 2, 2021, 11:27 AM IST
PNB Case : পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছীক ভাৰতলৈ অনাৰ বাবে অভিযানত নামি পৰিছে CBI আৰু EDৰ দল
Mehul Choksi Case : এক বিশেষ সুত্ৰৰ তথ্য অনুসৰি এখন প্ৰইভেট জেটেৰ CBI আৰু EDৰ তদন্তকাৰী বিষয়াকে ধৰি ভাৰত চৰকাৰৰ কেইগৰাকীমান বিষয়া শনিবাৰেই আবেলি উপস্থিত হয় ডমিনিকাৰ ডগলাছ চাৰ্লছ বিমানবন্দৰত।

Mehul Choksi Case : এক বিশেষ সুত্ৰৰ তথ্য অনুসৰি এখন প্ৰইভেট জেটেৰ CBI আৰু EDৰ তদন্তকাৰী বিষয়াকে ধৰি ভাৰত চৰকাৰৰ কেইগৰাকীমান বিষয়া শনিবাৰেই আবেলি উপস্থিত হয় ডমিনিকাৰ ডগলাছ চাৰ্লছ বিমানবন্দৰত।

  • Share this:
১৩,৫৭৮ কোটিটকীয়া পঞ্জাব নেচনেল বেংক কেলেংকাৰীৰ অন্যতম অভিযুক্ত পলাতক মেহুল চোকছীক ভাৰতলৈ অনাৰ অভিযানত নামি পৰিছে CBI আৰু EDৰ দল। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি, ইতিমধ্যে এখন প্ৰইভেট জেটেৰ CBI আৰু EDৰ তদন্তকাৰী বিষয়াকে ধৰি ভাৰত চৰকাৰৰ কেইগৰাকীমান বিষয়া শনিবাৰেই আবেলি উপস্থিত হয় ডমিনিকাৰ ডগলাছ চাৰ্লছ বিমানবন্দৰত।

বুধবাৰ অৰ্থাৎ আজি কমনৱেলথ অৱ ডমিনিকা আদালতে চোকছীক বাহিৰলৈ পঠিয়াবলৈ দাখিল কৰা এখন আবেদনৰ শুনানিৰ গ্ৰহণ কৰিব আৰু এই শুনানিৰ সময়তেই আদালতত উপস্থিত থাকিব ভাৰতৰ দলটো। ডমিনিকালৈ যোৱা CBI আৰু EDৰ দল দুয়োটা দলতে মুম্বাই অঞ্চলৰ তদন্তকাৰী বিষয়া আছে বুলি জানিব পৰা গৈছে।

যিহেতু মেহুল চোকছীৰ আইনী দলৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ডমিনিকা আদালতৰ কমনৱেলথে চোকছীক ২ জুনলৈকে ডমিনিকাৰ পৰা বাহিৰলৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেয়েহে আজি পুনৰ ইয়াৰ ওপৰত গ্ৰহণ কৰা হ'ব শুনানি।

ইপিনে চোকছীক লগ কৰিবলৈ অনুমতি নিদিয়াৰ কথা উল্লেখ কৰি চোকছীৰ আইনী দলে ডমিনিকাৰ আদালতত হেবিয়াছ কৰ্পছৰ আবেদন দাখিল কৰিছিল। আৱেদনখনত আইনী সহায়ৰ সাংবিধানিক অধিকাৰৰ পৰা চোকছীক বঞ্চিত কৰাৰ কথাও উল্লেখ কৰা হৈছিল। আনফালে ডমিনিকাৰ কমনৱেলথত মেহুল চোকছী গ্ৰেপ্তাৰ হোৱাৰ বাতৰিৰ পিছতে ভাৰত চৰকাৰো কাৰ্যকৰী মেহুলক ভাৰতলৈ অনাৰ যুঁজত নামি পৰিছিল।

ইয়াৰ বাবেই এখন প্ৰইভেট জেটেৰ সকলো নথি–পত্ৰ লৈ ভাৰতৰ দুয়োটা তদন্তকাৰী বিষয়াৰ দল উপস্থিত হয় ডমনিকাত। এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে নিশ্চিত কৰিছিল এই কথা। অৱশ্যে দুয়োটা অনুসন্ধানকাৰী সংস্থাই বৰ্তমানেও আনুষ্ঠানিকভাৱে এই বিষয়ত কোনো কথা কোৱাৰ পৰা বিৰত আছে। জানিব পৰা মতে মেহুলৰ বিৰুদ্ধে থকা PNB কেলেংকাৰীৰ সকলো নথি–পত্ৰ আদালতত হাজিৰ কৰা হ'ব আৰু তেওঁক ভাৰতক গতাই দিবলৈ কোৱা হ'ব।

উল্লেখ্য যে, সাগৰীয় পথেৰে চোকছীয়ে তেওঁৰ প্ৰেমিকাক লগ কৰিবলৈ ডমিনিকালৈ যোৱাৰ সময়তে দেশখনত অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে চোকছীক গ্ৰেপ্তাৰ কৰিছিল দেশখনৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু গৃহ মন্ত্ৰালয়ে। তাৰ পিছতেই মেহুলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ডমিনিকা চৰকাৰে।
Published by: Sanjay Kumar Das
First published: June 2, 2021, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি