உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • পাকিস্তানৰ নিউজ চেনেলৰ কাণ্ড, অভিনেতা আমীৰ খানক সজালে হত্যাকাৰী!

    পাকিস্তানৰ নিউজ চেনেলৰ কাণ্ড, অভিনেতা আমীৰ খানক সজালে হত্যাকাৰী!

    ছচিয়েল মিডিয়াত ট্ৰ’ল

    ছচিয়েল মিডিয়াত ট্ৰ’ল

    ছচিয়েল মিডিয়াত ট্ৰ’ল

    • Share this:
    এইবাৰ পাকিস্তানৰ নিউজ চেনেলে হত্যাকাৰী সজালে জনপ্ৰিয় অভিনেতা আমীৰ খানক। পাকিস্তানৰ নিউজ চেনেলে হত্যাৰ গোচৰত অভিযুক্ত ব্যক্তিৰ ফটোৰ সলনি দেখুৱালে জনপ্ৰিয় অভিনেতা আমীৰ খানৰ ফটো। পাকিস্তানৰ নিউজ চেনেলটোৰ এই কাণ্ডত এতিয়া জাঙুৰ খাই উঠিছে পাকিস্তানৰে অন্যান্য সংবাদ প্ৰতিষ্ঠান সমূহ।

    পাকিস্তানৰ ‘এবি নিউজ’ নামৰ চেনেলটোৰ এনে দায়িত্ব জ্ঞানহীন কাণ্ডৰ পিছতে বহুতে প্ৰশ্ন কৰিছে যে, ‘আমি জনা নাছিলো যে, ভাৰতীয় অভিনেতা আমীৰ খান যোৱা ১৭ বছৰ পাকিস্তানত আছিল।’ বিষয়টোৱে এতিয়া ছচিয়েল মিডিয়াতো বিশেষ চৰ্চা লাভ কৰিছে।



    পিছত সমালোচনাৰ সন্মুখীন হৈ ক্ষমা খোজে নিউজ চেনেলটোৱে। উল্লেখযোগ্য যে, পাকিস্তান আদালতে মুজাহিৰ কৌমী আন্দোলন হাক্কীৰ নেতা আমীৰ খানক দোহৰে হত্যাকাণ্ডৰ গোচৰত ১৭ বছৰৰ পিছত দোষমুক্ত কৰা হয়।
    Published by:Himangshu Bhuyan
    First published: