বিশ্বকাপৰ প্ৰস্তুতি মেচত বাংলাদেশৰ কাৰণে ফিল্ডিং সজালে ধোনীয়ে!

বলাৰক খন্তেক ৰখাই মিড উইকেটত থকা ফিল্ডাৰক স্কোৱেৰ লেগ দিশলৈ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়ে মহেন্দ্ৰ সিং ধোনীয়ে। পিছত ধোনীৰ কথা মতে বাংলাদেশে সলনি কৰে ফিল্ডিং!

news18assam
Updated:May 30, 2019, 6:04 PM IST
বিশ্বকাপৰ প্ৰস্তুতি মেচত বাংলাদেশৰ কাৰণে ফিল্ডিং সজালে ধোনীয়ে!
বলাৰক খন্তেক ৰখাই মিড উইকেটত থকা ফিল্ডাৰক স্কোৱেৰ লেগ দিশলৈ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়ে মহেন্দ্ৰ সিং ধোনীয়ে। পিছত ধোনীৰ কথা মতে বাংলাদেশে সলনি কৰে ফিল্ডিং!
news18assam
Updated: May 30, 2019, 6:04 PM IST
বাংলাদেশৰ বিৰুদ্ধে খেলা বিশ্বকাপৰ প্ৰস্তুতি মেচত ধোনীয়ে ১১৩ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলি বিশ্বকাপৰ পূৰ্বে বিপক্ষৰ বলাৰক দিলে নিজৰ ফৰ্মৰ উমান! যোৱা ২৮ মে’ত বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপৰ এখন প্ৰস্তুতি মেচত ভাৰতে এক দৰ্শনীয় জয় সাব্যস্ত কৰে। খেলখনত ভাৰতে কে এল ৰাহুল আৰু এম এছ ধোনীৰ বিস্ফোৰক শতকৰ সহায়ত বাংলাদেশৰ সন্মুখত ৩৫৯ ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। যাৰ প্ৰত্যুত্তৰত বাংলাদেশে ২৬৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে।



বাংলদেশৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচ খনত  দেখা গল কাহানীও নেদেখা এক দৃশ্য।  মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিজত বেটিং কৰি থকাৰ সময়ত, সকলোকে আচৰিত কৰি বাংলাদেশৰ বলাৰক ৰ’বলৈ কৈ বাংলাদেশৰ  ফিল্ডিং সলনি কৰা দেখা গল । ভাৰতীয় ইনিংছৰ ৩৯ নম্বৰ অভাৰত ধোনীয়ে বাংলাদেশৰ বলাৰক খন্তেক ৰখাই মিড উইকেটত থকা ফিল্ডাৰক আঁতৰাই স্কোৱেৰ লেগ দিশলৈ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়ে।



ধোনীয়ে বিপক্ষ দলৰ ফিল্ডিং সলনি কৰাৰ বিষয়টোৱা এতিয়া আমোদ দিছে সকলোকে। বহুতে বিভিন্ন ধৰণে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি