নৃশংস! মাতৃক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটি ভক্ষণ কৰিলে কুলাংগাৰ পুত্ৰই, খুৱালে কুকুৰকো!

News18 Assam | News18-Assam
Updated:April 24, 2021, 1:54 PM IST
নৃশংস! মাতৃক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটি ভক্ষণ কৰিলে কুলাংগাৰ পুত্ৰই, খুৱালে কুকুৰকো!
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰক। বাতৰি অনুসৰি, অভিযোগ প্ৰমাণিত হ'লে অভিযুক্ত পুত্ৰক বিহা হ'ব পাৰে ১৫ বছৰৰ কাৰাদণ্ড। (প্ৰতীকী ফটো)

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰক। বাতৰি অনুসৰি, অভিযোগ প্ৰমাণিত হ'লে অভিযুক্ত পুত্ৰক বিহা হ'ব পাৰে ১৫ বছৰৰ কাৰাদণ্ড। (প্ৰতীকী ফটো)

  • Share this:
নিজ মাতৃক হত্যা কৰিয়েই ক্ষান্ত নথকা কুলাংগাৰ পুত্ৰই সংঘটিত কৰিলে আন এক আচৰিত তথা জঘন্যতম কাণ্ড৷ নৃশংস পুত্ৰই প্ৰথমে হত্যা কৰে মাতৃক আৰু তাৰ পিছতে মৃত মাতৃৰ শৰীৰটো হাজাৰ টুকুৰাত বিভক্ত কৰি ভক্ষণ কৰে নিজৰ পোহনীয়া কুকুৰৰ সৈতে৷ স্পেইনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা৷

তথ্য অনুসৰি, ২৮ বছৰীয়া এই কুলাংগাৰ পুত্ৰ হৈছে আলবাৰ্টো চেঞ্চেজ গোমেজ৷ যি এজন নিবনুৱা ৱেইটাৰ আৰু মাদ্ৰিদত মাকৰ সৈতে বাস কৰে। খবৰ অনুসৰি, আলবাৰ্টোৰ মাতৃ মাৰিয়া গোমেজৰ এগৰাকী বন্ধুৰ অভিযোগৰ ভিত্তিতে আৰক্ষী উপস্থিত হৈছিল আলবাৰ্টোৰ ঘৰত৷ আৰু ফ্ৰিজৰ ভিতৰত থকা এখন প্লাষ্টিকৰ মোনাত উদ্ধাৰ কৰিছিল ৬৮ বছৰীয়া মাৰিয়া গোমেজৰ মঙহ। মাৰিয়া গোমেজৰ এগৰাকী বন্ধুৱে তেওঁৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ঘটনা সম্পৰ্কত আৰক্ষীক অৱগত কৰিছিল। তাৰ পিছতে সেই খবৰৰ ভিত্তিতে আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহে আলবাৰ্টোৱে সংঘটিত কৰা এই ভয়ংকৰ ঘটনা৷

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্তৰ বাবে মাৰিয়া গোমেজৰ ঘৰত উপস্থিত হৈ হতবাক হৈ পৰিছিল। আৰক্ষীয়ে এই বিষয়ে আলবাৰ্টোক প্ৰশ্ন কৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে। আৰক্ষীয়ে এই সম্পৰ্কত জনায় যে যেতিয়া তেওঁলোক মাৰিয়া গোমেজৰ ঘৰত উপস্থিত হৈছিল, সেইসময়ত আলবাৰ্টোৱে দুৱাৰখন খুলিছিল। কৈছিল যে মাৰিয়া গোমেজ এতিয়া ইয়াতে আছে কিন্তু তেওঁ এতিয়া মৃত অৱস্থাতহে আছে।

তাৰ পিছতে আলবাৰ্টোৱে কৈছিল, মই আৰু মোৰ কুকুৰটোৱে তেওঁক সম্পূৰ্ণকৈ খাই পেলাইছো। আৰক্ষীয়ে আলবাৰ্টোৰ এই মন্তব্যক লৈ ঘৰটোত তালাচী চলোৱাত মাৰিয়া গোমেজৰ সৰু মাংসৰ টুকুৰা ফ্ৰিজৰ ভিতৰত প্লাষ্টিকৰ মোনাত উদ্ধাৰ কৰিছিল।

ইপিনে ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত পুত্ৰ আলবাৰ্টোক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযোগ প্ৰমাণিত হ'লে অভিযুক্ত পুত্ৰৰ ১৫ বছৰৰ কাৰাদণ্ড হ’ব পাৰে বুলিও উল্লেখ কৰিছে।
Published by: Sanjay Kumar Das
First published: April 24, 2021, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি