নিউজ এংকৰিঙৰ কামটো সহজ নহয় কিয়নো নিউজ এংকৰে পোনপটীয়া সম্প্ৰচাৰৰ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। এগৰাকী কানাডিয়ান সাংবাদিকৰো তেনে ঘটনা বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। কানাডিয়ান সাংবাদিক ফাৰাহ নাছেৰে এটা পোনপটীয়া সম্প্ৰচাৰৰ সময়ত এক বিশেষ সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু অবিশ্বাস্য পৰিস্থিতিৰ সময়ত নিজৰ মনোবলৰ বাবে অনলাইনত বিশেষ প্ৰশংসা লাভ কৰিছে।
জানিব পৰা মতে, গ্লোবেল নিউজৰ এংকৰ নাছেৰে পাকিস্তানৰ বানপানীৰ বিষয়ে এক প্ৰতিবেদন দি থাকোতে তেখেতে দুৰ্ঘটনাক্ৰমে এটা মাখি লাইভ অনুষ্ঠানত গিলি পেলাইছিল। ‘পাকিস্তানে কেতিয়াও বাৰিষাৰ এক অখণ্ড চক্ৰ এনেদৰে দেখা নাই। আঠ সপ্তাহৰ অবিৰত মুষলধাৰ বৰষুণে দেশখনত এক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে’, এই বাতৰি প্ৰেৰণ কৰি থাকোতে দুৰ্ঘটনাক্ৰমে এটা মাখি গিলি দিয়াৰ সময়ত এক ছেকেণ্ডৰ বাবে ৰৈ গৈছিল এংকৰগৰাকী। অৱশ্যে, এই ঘটনাৰ পাছতো তেখেতে বাতৰি কভাৰেজটো অব্যাহত ৰাখিছিল।
ঘটনাটোৰ হাস্যকৰ দিশটো দেখি তেখেতে টুইট কৰি কৈছিল যে, এই বিষয়টো শ্বেয়াৰ কৰাৰ কাৰণ আজিকালি সকলোকে হাঁহিৰ প্ৰয়োজন। তেখেতে বাতৰি পৰিচয় কৰি থকা সময়ত এটা মাখি গিলি পেলোৱাৰ কথা টুইটটোত সদৰী কৰে।
জানিব পৰা মতে, ৩০ আগষ্টত পোষ্ট কৰা ভিডিঅ'টোৱে বৰ্তমানলৈ ১.০৬ লাখতকৈও অধিক দৰ্শন লাভ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 04, 2022, 14:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।