কানাডা চৰকাৰে দেশখনৰ ১২ বছৰৰ ঊৰ্ধ্বৰ কনিষ্ঠ নাগৰিকসকলক প্ৰতিষেধক প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে দেশখনৰ স্বাস্থ্য বিভাগে মার্কিন ভেকচিন ফাইজাৰক (Pfizer) এই কামৰ কাৰণে অনুমোদন প্ৰদান কৰিছে। দেশ খনৰ মুখ্য চিকিৎসা উপদেষ্টা ড৹ সুপ্ৰিয়া শর্মাই বুধবাৰে এই কথা সদৰী কৰি কয় দেশ খনৰ ১২ বছৰৰ পৰা ১৫ বছৰৰ শিশু-কিশোৰসকলক এই ভেকচিন প্ৰদান কৰা হ’ব। ১২ বছৰৰ ঊৰ্ধ্বৰ নাগৰিকক ভেকচিন প্রদানৰ সিদ্ধান্ত লোৱা কানাডা বিশ্বৰ প্রথমখন দেশ। পূৰ্বতে এই ভেকচিন ১৬বছৰৰ ঊৰ্ধ্বৰ লোকক দিয়াৰ ব্যৱস্থা কৰিছিল দেশখনে।
উল্লেখযোগ্য যে মার্কিন যুক্তৰাষ্ট্ৰ আৰু European Unionএও এই দিশত চিন্তা-চৰ্চা কৰি আছে। যোৱা মার্চত Pfizer–এ ১২ বছৰৰ পৰা ১৫ বছৰৰ বয়সৰ প্ৰায় ২২৬০জন লোকৰ ওপৰত সম্পন্ন কৰা এক সফল পৰীক্ষণৰ প্ৰাৰম্ভিক প্ৰতিবেদন ৰাজহুৱা কৰিছিল। আমেৰিকাৰ Food and Drug Administration (FDA) অহা সপ্তাহত ১২বছৰৰ ঊৰ্ধ্বৰ লোকক ভেকচিন প্রদানত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে।