உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • জংগলৰ এই ফটোত আপোনাৰ দৃষ্টিয়েও ঠগ খাইছে নে কি? ৯৯ শতাংশ লোকে দেখা নাপায় লুকাই থকা বস্তুটো!

    জংগলৰ এই ফটোত আপোনাৰ দৃষ্টিয়েও ঠগ খাইছে নে কি? ৯৯ শতাংশ লোকে দেখা নাপায় লুকাই থকা বস্তুটো!

    ছচিয়েল মিডিয়াত (Social Media) মগজুৰ কচৰৎ কৰোৱা ছবি ভাইৰেল হৈ থাকে আৰু শেহতীয়াকৈ এই ধাৰাত জংগলৰ এই ছবিক (Confusing Photos) লৈ মানুহ ব্যস্ত থকা দেখা গৈছে।

    • Share this:
    ছচিয়েল মিডিয়াত (Social Media) বিভিন্ন ধৰণৰ ছবি ভাইৰেল হৈ থাকে আৰু ইয়াৰে কিছুমান মনোৰঞ্জক হয় আৰু কিছুমান মগজু ঘোলা কৰা বিধৰ। বহুত ফটোৱে আপোনাক দোমোজাতো পেলাব। কোৰোনা মহামাৰীৰ কাৰণে লকডাউনৰ মাজত পৰিয়ালে এনে ফটোৰ মাজত মনোৰঞ্জনৰ খোৰাক লৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাও (Viral Confusing Photos) দেখা গৈছে। ঘৰতে থাকি মানুহে শ্বেয়াৰ কৰিছে ইখনৰ পিচত সিখন আকৰ্ষণীয় ফটো। শেহতীয়াকৈ এই ধাৰাত শ্বেয়াৰ হৈছে জংগলৰ এখন ছবি। ফটোখন ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

    ভাইৰেল হৈ পৰা এই ফটোত এটা বস্তু লুকাই আছে। প্ৰথমতে মানুহে ধৰি লয় যে হয়তো কোনো জন্তু লুকাই আছে। মানুহে ওচৰে পাজৰে থকা পাথৰ আৰু শুকান পাত তন্ন তন্নকৈ চাই জন্তুটো বিচাৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে কোনো জন্তু বিচাৰি নাপায়।

    আপোনাৰ কষ্ট আমি অলপ লাঘৱ কৰি দিওঁ! ছবিখনত দৰাচলতে কোনো জন্তু নহয় বৰং মানুহৰ এখন মুখ লুকাই আছে।

    মানুহৰ চেহেৰা বিচাৰিও বহুতে এই ফটোখন শ্বেয়াৰ কৰিছে। দৰাচলতে এই চেহেৰা আপোনাৰ চকুৰ আগতে আছে কিন্তু মানুহে ভালকৈ দেখা নাপায়। বহুতেই আনকি ইয়াত কোনো চেহেৰা নাই বুলিও দাবী কৰিছে।

    দৰাচলতে ফটোখনত মানুহৰ চেহেৰা আছে। ভালকৈ চাওক শুকান পাতৰ দ’মটোলৈ। দেখা পালে নে? ইয়াতে লুকাই আছিল মানুহৰ চেহেৰা। চকুৰ আগত থকা স্বত্তেও মানুহে ইয়াক দেখা নাপায়।

    ব্ৰেন টিজাৰ হিচাপে এই ছবি যথেষ্ট শ্বেয়াৰ কৰা হৈছে।
    First published: