ঘাঁহৰ মাজত লুকাই আছে এডাল বিষাক্ত সাপ, বহুতেই নোৱাৰিলে কিন্তু আপুনি বিচাৰি উলিয়াব পাৰিব নে?

News18 Assam | News18-Assam
Updated:January 27, 2021, 12:31 PM IST
ঘাঁহৰ মাজত লুকাই আছে এডাল বিষাক্ত সাপ, বহুতেই নোৱাৰিলে কিন্তু আপুনি বিচাৰি উলিয়াব পাৰিব নে?
অষ্ট্ৰেলিয়াৰ (Australia) চানচাইন কোষ্টৰ স্নেক কেচাৰে (Sunshine Coast Snake Catcher) বননিৰ (woodland) এখন ছবি শ্বেয়াৰ কৰি মানুহক প্ৰশ্ন কৰিছে যাক লৈ এতিয়া সকলো দোমোজাত পৰিছে। তেওঁ লিখিছে–"ছবিত সাপডাল বিচাৰি উলিয়াওক, সাপৰ প্ৰজাতিও ক’ব পাৰিলে বেলেগে বনাচ পইণ্ট।"

  • Share this:
প্ৰকৃতিয়ে এনে বহু জীৱ এনেকৈ সৃষ্টি কৰিছে যিয়ে চিকাৰৰ সুবিধা আৰু প্ৰাণৰক্ষাৰ কাৰণে আশে–পাশে থকা পৰিৱেশৰ সৈতে মিলি থাকিব পাৰে নিজৰ ৰং, আকৃতি মিলাই।  ছদ্মবেশ (camouflage) হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে যিকোনো জীৱই এনেকৈ পৰিৱেশৰ সৈতে মিলি থাকিব পাৰে যে তাক বিচাৰি উলিওৱা বিৰাট টান হৈ পৰে। এনে এক ছবি শেহতীয়াকৈ আপলোড কৰিছে অষ্ট্ৰেলিয়াৰ এজন ফটোগ্ৰাফাৰে। এই ছবিত এডাল সাপে বননিৰ মাজত এনেকৈ মিলি আছে যে তাক বিচাৰি উলিওৱা প্ৰায় অসম্ভৱ হৈ পৰিছে।

অষ্ট্ৰেলিাৰ চানচাইন কোষ্টৰ স্নেক কেচাৰে এই ছবিখন শ্বেয়াৰ কৰি মানুহক প্ৰশ্ন কৰিছে যে, "ছবিখনত সাপডাল বিচাৰি উলিয়াওক। চাওচোন আপুনি উত্তৰ দিব পাৰে নে নোৱাৰে। যিসকলে সাপডালৰ প্ৰজাতি ক’ব পাৰিব তেওঁলোকক বনাচ পইণ্ট।" এই ছবিখন কুইনছলেণ্ডৰ বাডৰিমৰ চানচাইন কোষ্টৰ পাৰত লোৱা হৈছে। প্ৰায় ৭০০ লোকে এই পৰ্যন্ত ছবিখনত কমেণ্ট কৰিছে যদিও বেছিভাগৰে উত্তৰ ভুল।

(ফটো: thesun.co.uk)

পোষ্টটোত মানুহে বিভিন্ন হাস্যকৰ কমেণ্ট কৰাও দেখা গৈছে।

অৱশেষত চানচাইন কোষ্টৰ স্নেক কেচাৰৰ এগৰাকী সদস্যই সাপডাল ছবিখনৰ ক’ত আছে আৰু কি প্ৰজাতিৰ সেই কথা তুলি ধৰে। ঘাঁহ–পাতৰ সৈতে মিলি থকা সাপডাল য়েল্ল’ ফেচড স্নেক। অষ্ট্ৰেলিয়াত যথেষ্ট সংখ্যাত পোৱা যায় সাপডাল।

First published: January 27, 2021, 12:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি