ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩৫জন লোক, ক’ত সংঘটিত হ’ল এই দুৰ্ঘটনা?

নিহত অধিকাংশ লোক এছিয়াৰ বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:October 17, 2019, 9:40 AM IST
ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩৫জন লোক, ক’ত সংঘটিত হ’ল এই দুৰ্ঘটনা?
নিহত অধিকাংশ লোক এছিয়াৰ বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: October 17, 2019, 9:40 AM IST
চৌদি আৰবৰ পশ্চিম অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩৫জন বিদেশী নাগৰিকৰ মৃত্যু হয়। আহত হয় আন কেইবাজনো লোক। এখন যাত্ৰীবাহী বাছে আন এখন গধূৰ বাহনত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৩৫জন লোক। আহতসকলক আৰক্ষীয়ে ভৰ্তি কৰোৱায় নিকটৱৰ্তী হাস্পতালত।

মদিনাৰ পৰা ১৭০ কিলোমিটাৰ নিলগৰ হিজৰা ৰোডস্থিত অল–অখল গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ৩৯জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাছে আন এখন গধূৰ বাহনত খুন্দা মাৰে। বাছখনত থকা লোকসকল এছিয়ান আৰু আৰব মূলৰ আছিল। নিহত অধিকাংশ লোক এছিয়াৰ বুলি জানিব পৰা গৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি