ডুবাইত ভয়ংকৰ বাছ দুৰ্ঘটনাত মহিলাসহ ৮ ভাৰতীয়ৰ মৃত্যু

ডুবাই আৰক্ষীৰ তথ্য অনুসৰি, ৬ জুনৰ সন্ধিয়া ৫.৪০ বজাত সংঘটিত হয় এই বাছ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা ৩১জন যাত্ৰীৰ ভিতৰত ১৭জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৫জন গুৰুতৰভাৱে আহত হৈছে।

news18assam
Updated:June 7, 2019, 10:33 AM IST
ডুবাইত ভয়ংকৰ বাছ দুৰ্ঘটনাত মহিলাসহ ৮ ভাৰতীয়ৰ মৃত্যু
ডুবাই আৰক্ষীৰ তথ্য অনুসৰি, ৬ জুনৰ সন্ধিয়া ৫.৪০ বজাত সংঘটিত হয় এই বাছ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা ৩১জন যাত্ৰীৰ ভিতৰত ১৭জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৫জন গুৰুতৰভাৱে আহত হৈছে।
news18assam
Updated: June 7, 2019, 10:33 AM IST
ডুবাইত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু হৈছে ৮জন ভাৰতীয় লোকৰ। ডুবাইস্থিত ভাৰতীয় দূতাবাসে টুইটাৰযোগে কয় – আমি অতি দুঃখিত যে স্থানীয় বিষয়া আৰু আত্মীয়ৰ মতে এতিয়ালৈ বাছ দুৰ্ঘটনাত ৮জন ভাৰতীয় লোকৰ মৃত্যু হৈছে। বাণিজ্যিক দূতাবাসে মৃতকৰ একাংশ পৰিয়ালৰ সৈতে ইতিমধ্যে যোগাযোগ স্থাপন কৰিছে। মৃত বাকীসকলৰ পৰিয়ালৰ তথ্যৰ অপেক্ষাত আছে বাণিজ্যিক দূতাবাস।

দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নাম ক্ৰমে ৰাজগোপালন, ফিৰোজ খান পাঠান, ৰেছমা ফিৰোজ খান পাঠান, দীপক কুমাৰ, জামালুদ্দিন অৰ্কাভেট্টিল, কিৰণ জনী, বাসুদেৱ আৰু তিলকৰাম জৱাহৰ ঠাকুৰ।

 




ডুবাই আৰক্ষীৰ তথ্য অনুসৰি, ৬ জুনৰ সন্ধিয়া ৫.৪০ বজাত সংঘটিত হয় এই বাছ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা ৩১জন যাত্ৰীৰ ভিতৰত ১৭জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৫জন গুৰুতৰভাৱে আহত হৈছে। বাণিজ্যিক দূতাবাসৰ ফালৰ পৰা টুইটাৰযোগে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি