Mahatma Gandhi Birth Day : বিশ্বৰ সবাতোকৈ ওখ অট্টালিকা বুৰ্জ খালিফা (Burj Khalifa)ত মহাত্মা গান্ধীয়ে যঁতৰত কাটিছে সূতা, চাওক ভিডিঅ'
২ অক্টোবৰত সমগ্ৰ দেশে জাতিৰ পিতাক স্মৰণ কৰিছে। মহাত্মা গান্ধীৰ জন্ম দিনটো (Mahatma Gandhi Birth Day) সমগ্ৰ বিশ্বতে অহিংসা দিৱস (Non Violence Day) ৰূপে পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত ২ অক্টোবৰত এইগৰাকী অহিংসাৰ পূজাৰীক শ্ৰদ্ধাঞ্জলি যঁচা হৈছে। বিশ্বৰ সবাতোকৈ ওখ অট্টালিকা ডুবাই (Dubai)ৰ বুৰ্জ খালিফা (Burj Khalifa)তো গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যঁচা হয়। বাপুৰ জন্মদিন উপলক্ষে বুৰ্জ খালিফাত সুন্দৰ আলোক সজ্জাৰে বাপুৰ ছবি নিৰ্মাণ কৰা হয়। এই ছবিত মহাত্মা গান্ধীয়ে যঁতৰত সূতা কাটি থকা দেখা গৈছে। চাওক ভিডিঅ'টো।
উল্লেখ্য যে আলোকময় ছবিৰ লগতে গান্ধীজীৰ আটাইতকৈ প্ৰিয় ভজনৰ সংগীতৰ মূৰ্ছনাই বুৰ্জ খালিফা কৰ্তৃপক্ষৰ প্ৰচেষ্টাক সাৰ্থক কৰি তুলিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|