সাধাৰণতে যেতিয়া সাধাৰণ চৰ্দি বা কাহ বা শৰীৰত অলপ বিষ হয়, চিকিৎসকৰ ওচৰলৈ যোৱা নহয়। বিশেষকৈ এই মুহূৰ্তত মানুহে কোভিডৰ কাৰণে চিকিৎসালয়ত যাবলৈ টান পায়। নিজে ঔষধ গ্ৰহণ কৰি সমস্যাটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। পেলেষ্টাইনত বাস কৰা এগৰাকী মহিলাই এনেধৰণৰ এটা প্ৰয়াস কৰিছিল। এই মহিলাগৰাকীৰ যোৱা তিনি মাহ ধৰি মেৰুদণ্ডৰ বিষ আছিল। মহিলাগৰাকীয়ে ভাবিছিল যে শোৱাৰ সময়ত সিৰা ইফাল-সিফাল হোৱা বাবে এনে হৈছে। কিন্তু বিষ নকমাত তেওঁ হাস্পতালৰ শৰণাপন্ন হৈছিল আৰু যি ঘটনা পোহৰলৈ আহিল, সি তেওঁক বিস্মিত নকৰাকৈ নাথাকিল (Shocking Story of a lady in Palestine)।
পেলেষ্টাইনৰ পশ্চিম তীৰত (West Bank) বাস কৰা আদি ব্লয় যোৱা তিনি মাহ ধৰি এই বেদনাত ভুগি আছিল এখন বিয়া খাই উভতি অহাৰ পিছতে। পেইন কিলাৰ খায়ো বিষ নকমাত তেওঁ চিকিৎসকৰ ওচৰলৈ গ'ল। তাত তেওঁ জানিব পাৰিছিল যে তেওঁৰ মেৰুদণ্ডত তিনি মাহ ধৰি এটা গুলী লাগি আছে।
দ্য টাইমছ অৱ ইজৰাইলৰ এক প্ৰতিবেদন অনুসৰি, আদি ব্লয়ে তিনি মাহ আগতে এজন বন্ধুৰ বিয়াত কঁকালত বিষ অনুভৱ কৰে (3 Months Old Back Pain)। তেওঁ সাধাৰণ তেজো প্ৰত্যক্ষ কৰে। কিন্তু এয়া বিষৰ বাবে খজুৱাই দিয়া নখৰ আঁচোৰৰ ক্ষতচিহ্নৰ পৰা ওলোৱা বুলি ধৰি লয়। তেওঁৰ ধাৰণা নাছিল যে তেওঁ গুলীবিদ্ধ হৈছে। কিন্তু আচৰিতভাৱে গুলীটোও এনে ঠাইত সোমাই আছিল যে তাক অনুভৱ কৰা কঠিন আছিল।
তিনি মাহ পিছত চিটি স্কেন কৰাত সেয়া ধৰা পৰে আৰু চিকিৎসকসকলে তেওঁৰ মেৰুদণ্ডৰ পৰা ৫.৫৬ মিঃমিঃ বুলেটটো উলিয়ায়। চিকিৎসকসকলৰ মতে, এয়া এক অলৌকিক ঘটনা। যদি গুলীটো অলপ তললৈ লাগি থাকিলহেঁতেন, তেন্তে তেওঁ (Adi Bloy) তেতিয়াই জানিব পাৰিলে হয়। এই ঘটনাৰ পিছত আৰক্ষীয়ে এতিয়া তদন্ত কৰি আছে যে বিয়াখনত কোনে গুলীচালনা কৰিছিল।