অন্ধবিশ্বাসে শেষ কৰি পেলায় সকলো৷ এবাৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হ’লে ইয়াৰ পৰা ওলাই আহিব পৰাটো দূৰৈৰ কথা, ই নিঃশেষ কৰি পেলায় সকলো৷ অন্ধবিশ্বাসে শুদ্ধ আৰু ভুলৰ মাজৰ সকলো পাৰ্থক্য পাহৰাই পেলায় এগৰাকী লোকক। এই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়ে হিতাহিত জ্ঞান হেৰুৱাই এগৰাকী থাই ব্যক্তিয়ে নিজ হাতেৰে কৰতেৰে কাটি পেলালে নিজৰ ডিঙি। থাইলেণ্ডৰ লোকজনক থাম্মাকাৰোন ৱাংপাৰি বুলি চিনাক্ত কৰা হৈছিল। ভগৱান হোৱাৰ কামনাৰে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে লোকজনে৷
বিগত ১৫ এপ্ৰিলতে এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে। থাইলেণ্ডৰ নং বুৱা লামফু প্ৰদেশৰ এটা মন্দিৰত থাম্মাকাৰনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। থাম্মাকাৰোন ৱাট ফু হিন মন্দিৰৰ এজন পুৰোহিত আছিল। তেওঁ এখন ডাঙৰ কৰতেৰে মন্দিৰ চৌহদতে নিজৰ ডিঙি কাটি পেলায়। ইয়াৰ দ্বাৰা তেওঁ নিজৰ সৰ্বনাশ কৰি ঈশ্বৰ হোৱাৰ কামনা কৰিছিল।
থাম্মাকাৰোনক জনা লোকসকলৰ মতে, বিগত পাঁচ বছৰ ধৰি তেওঁ এই পৰিকল্পনা কৰি আছিল আৰু এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাই আহিছিল। তেওঁ বহু লোকক এই বিষয়ে অৱগত কৰিছিল। কিন্তু সকলোৱে পুৰোহিতগৰাকীয়ে ধেমালি কৰা বুলিহে অনুভৱ কৰিছিল। কোনেও আশা কৰা নাছিল যে তেওঁ সঁচাকৈয়ে এনে কাণ্ড সংঘটিত কৰিব। থাম্মাকাৰোনৰ মৃতদেহ লাভৰ পিছতেই সকলো আচৰিত হৈ পৰিছিল।
থাম্মাকাৰোনৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰথমে তেওঁৰ ভতিজাই দেখা পাইছিল আৰু মৃতদেহটোৰ কাষত থকা এখন চিঠিয়ে সকলো ৰহস্য প্ৰকাশ কৰিছিল। য’ত থাম্মাকাৰোনে লিখিছিল যে তেওঁ বিগত পাঁচ বছৰ ধৰি এই অনুষ্ঠানটোৰ বাবে প্ৰস্তুতি চলাই আছিল। মৃত্যুৰ পিছত তেওঁ এতিয়া ঈশ্বৰৰ অৱতাৰত জন্ম গ্ৰহণ কৰিব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 20, 2021, 13:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।