• Home
  • »
  • News
  • »
  • world
  • »
  • এগৰাকী মহিলাৰ দাবী- এলিয়েনৰ সৈতে হৈছে প্ৰেম, UFOত উঠি অন্য দুনীয়াৰ কৰিলে ভ্ৰমণ! পৰৱৰ্তি ডেটিঙৰ বাবে কৰি আছে অপেক্ষা!

এগৰাকী মহিলাৰ দাবী- এলিয়েনৰ সৈতে হৈছে প্ৰেম, UFOত উঠি অন্য দুনীয়াৰ কৰিলে ভ্ৰমণ! পৰৱৰ্তি ডেটিঙৰ বাবে কৰি আছে অপেক্ষা!

এবি বেলাক এলিয়েন্সে কৈশোৰ কালৰ পৰাই UFOৰে অপহৰণ কৰি লৈ যায়। এতিয়া এবি বেলাৰ বয়স প্ৰায় ৫০ বছৰ। এবিৰ দাবী UFOত আহি তেওঁক এলিয়েনে লৈ যায়।

এবি বেলাক এলিয়েন্সে কৈশোৰ কালৰ পৰাই UFOৰে অপহৰণ কৰি লৈ যায়। এতিয়া এবি বেলাৰ বয়স প্ৰায় ৫০ বছৰ। এবিৰ দাবী UFOত আহি তেওঁক এলিয়েনে লৈ যায়।

এবি বেলাক এলিয়েন্সে কৈশোৰ কালৰ পৰাই UFOৰে অপহৰণ কৰি লৈ যায়। এতিয়া এবি বেলাৰ বয়স প্ৰায় ৫০ বছৰ। এবিৰ দাবী UFOত আহি তেওঁক এলিয়েনে লৈ যায়।

  • Share this:
অন্য গ্ৰহৰ প্ৰাণী অৰ্থাৎ এলিয়েন্স (Alians)আৰু ইএফও (UFO)ক লৈ বিশ্বত বহুজনৰ বহু দাবী। বহুতেই কয় তেওঁলোকে এলিয়েন্স দেখিছে, UFO দেখিছে। কিন্তু বাস্তৱত এইবোৰৰ আজিলৈ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। ইয়াৰ মাজতে এগৰাকী মহিলাই দাবী কৰিছে এলিয়েনৰ সৈতে প্ৰেম হোৱা বুলি। মহিলাগৰাকীৰ দাবী অন্য গ্ৰহৰ প্ৰাণী তেওঁক UFOত তুলি অপহৰণ কৰি লৈ গৈছিল। মহিলাগৰাকীয়ে এয়াও দাবী কৰিলে যে এটা এলিয়েনৰ সৈতে হেনো তেওঁৰ প্ৰেম হৈছে, যি এণ্ড্ৰোমাডা নামৰ আকাশীগংগাৰ পৰা আহিছিল।

এই আজৱ দাবী কৰা মহিলাগৰাকী হৈছে বৃটেইনৰ এবি বেলা। ডেইলী ষ্টাৰ নামৰ কাকতখনৰ বাতৰিত প্ৰকাশ পোৱা মতে এবি বেলাক এলিয়েন্সে কৈশোৰ কালৰ পৰাই UFOৰে অপহৰণ কৰি লৈ যায়। এতিয়া এবি বেলাৰ বয়স প্ৰায় ৫০ বছৰ। এবিৰ দাবী UFOত আহি তেওঁক এলিয়েনে লৈ যায়।

এবি বেলাৰ দাবী, "মই ধেমালিতে ইণ্টাৰনেটত লিখিছিলো যে পৃথিৱীৰ পুৰুষৰ প্ৰতি মোৰ মননাই, কোনো এলিয়েনে মোক লৈ যোৱা হ'লেই ভাল আছিল! তেতিয়াৰ পৰাই মই সপোনত বগা বগা ৰশ্মী দেখিবলৈ ধৰিলোঁ। এদিন সপোনত এটা শব্দই ক'লে যে 'সদায় য'ত থাকা তাতেই থাকিবা'। তাৰ পিছদিনাই নিশা মই খিৰিকী কাষত বহি থাকোতেই বাহিৰত এখন উৰন্ত যান দেখিলোঁ। এটা চকমকীয়া সেউজ ৰশ্মীয়ে মোক UFOলৈ লৈ গ'ল।"

এবিৰ দাবী যি এলিয়েনৰ সৈতে তেওঁ গৈছিল সেইবোৰ মানুহৰ নিচিনাই আছিল। কিন্তু সিহঁত হেনো বৰ ওখ আৰু ক্ষীণ আছিল। প্ৰায় ২০ মিনিটমান এবিয়ে এলিয়েনৰ সৈতে ভ্ৰমণ কৰাৰ পাছত হেনো তেওঁক ঘৰত থৈ গৈছিল। এতিয়া তেওঁ পুনৰ এলিয়েনে তেওঁক লৈ যোৱাৰ বাবে বাট চাই আছে। কাৰণ এণ্ড্ৰমেডা আকাশীগংগা ফুৰিবলৈ হেনো আৰু মন আছে এবি বেলাৰ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি