• Home
  • »
  • News
  • »
  • world
  • »
  • গাড়ীত ছীটবেল্ট নলগোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা, মানি ল’লে নিজৰ ভুল

গাড়ীত ছীটবেল্ট নলগোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা, মানি ল’লে নিজৰ ভুল

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু কৈছে যে এয়া তেওঁৰ ভুল আছিল। তেওঁ ইয়াৰ বাবে ক্ষমা বিচাৰি জৰিমনা ভৰিব বুলিও কয়।

  • Share this:
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ভৰিবলগীয়া হ’ল জৰিমনা। চলন্ত বাহনত বহি ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ বনোৱাৰ সময়ত ঋষি ছুনাকে লগোৱা নাছিল ছীটবেল্ট। যাৰ ফলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৰিবলগীয়া হ’ল জৰিমনা।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু কৈছে যে এয়া তেওঁৰ ভুল আছিল। তেওঁ ইয়াৰ বাবে ক্ষমা বিচাৰি জৰিমনা ভৰিব বুলিও কয়।

উল্লেখযোগ্য যে ব্ৰিটেইনত ছীটবেল্ট নলগোৱা যাত্ৰীক ১০০ পাউণ্ডৰ জৰিমনা বিহা হয়। যদি এই গোচৰ আদালতৰ মজিয়া পায় তেন্তে এই জৰিমনাৰ পৰিমাণ ৫০০ পাউণ্ডলৈ বৃদ্ধি হ’ব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক যাত্ৰাৰ সময়ত গাড়ীৰ ভিতৰত ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰিছিল। গাড়ীৰ পিছৰ ছীটত বহি ভিডিঅ’ প্ৰস্তুত কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগোৱা নাছিল ছীটবেল্ট।

ছুনাকৰ ওপৰত এয়া দ্বিতীয়টো জৰিমনা। ইয়াৰ পূৰ্বেও বিগত বৰ্ষত তেওঁ তৎকালীন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে কোভিড লকডাউনৰ নিয়ম ভংগ কৰিছিল। জনছনৰ পিছত এইদৰে আইন ভংগ কৰা দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ’ল ছুনাক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি