ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আছে ভাৰতৰ সৈতে ওচৰৰ সম্পৰ্ক! প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নৰ্বাচিত হ’ল বৰিছ জনছন। ভাৰত আৰু ব্ৰিটেইনৰ বৈদেশিক সম্পৰ্ক উন্নত হোৱাৰ আশা!

News18-Assam
Updated:July 25, 2019, 10:24 AM IST
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আছে ভাৰতৰ সৈতে ওচৰৰ সম্পৰ্ক! প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নৰ্বাচিত হ’ল বৰিছ জনছন। ভাৰত আৰু ব্ৰিটেইনৰ বৈদেশিক সম্পৰ্ক উন্নত হোৱাৰ আশা!
News18-Assam
Updated: July 25, 2019, 10:24 AM IST
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নৰ্বাচিত হ’ল বৰিছ জনছন। বৰিছ জনছনৰ ভাৰতৰ সৈতে আছে ওচৰৰ সম্পৰ্ক। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ প্ৰক্তন পত্নী মেৰিনা হোৱেলাৰ হৈছে এগৰাকী ‘হাফ ইণ্ডিয়ান’। ১৯৯৩ চনত মেৰিনাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল বৰিছ জনছন। মেৰিনা হোৱেলাৰ হ’ল ভাৰতৰ বিশিষ্ট লেখক খ্ৰুছৱন্ত সিঙৰ ভাগিন।  যোৱা বছৰ বিবাহ বিচ্ছেদ হ’ল দুয়োৰে। কিন্তু সংসাৰ চলি থকাৰ সময়ত মেৰিনা আৰু বৰিছ জনছন বহুবাৰ ভাৰত ভ্ৰমণলৈ আহিছিল, তেঁওলোকৰ আছে চাৰিটা সন্তান।

এতিয়া ৱৰিছ জনছন দেশ খনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতক জনাইছে শুভেচ্ছা। আগৰ পৰাই  জনছনৰ ভাৰতৰ সৈতে থকা সম্পৰ্কৰ সুৱাদত দুয়োখন দেশৰ মাজৰ বৈদেশিক সম্পৰ্ক  উন্নত হ’ব বুলি বিশেষ চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় মহলত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত বৰিছ জনছনক শুভেচ্ছা জনাই কয় যে–‘ মই আপোনাৰ সফলতা কামনা কৰিছো। সকলো ক্ষেত্ৰতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত সম্পৰ্ক আৰু অধিক মজবুট কৰিবৰ বাবে মই আপোনাৰ লগত কাম কৰিবলৈ ৰৈ আছো।’

জনছনে বুধবাৰে আনুষ্ঠানিক ভাবে দেশখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয়।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি