ব্ৰিটেইনৰ সংসদত নাগৰিকত্ব সংশোধনী আইনক লৈ উদ্বিগ্নতা, ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ইংলেণ্ড চৰকাৰক আহ্বান 

News18 Assam | News18-Assam
Updated:February 28, 2020, 2:10 PM IST
ব্ৰিটেইনৰ সংসদত নাগৰিকত্ব সংশোধনী আইনক লৈ উদ্বিগ্নতা, ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ইংলেণ্ড চৰকাৰক আহ্বান 
ভাৰতীয় মূলৰ বহু কেইজন সাংসদে প্ৰদৰ্শন কৰিলে আইন খনৰ সপক্ষে যুক্তি।

ভাৰতীয় মূলৰ বহু কেইজন সাংসদে প্ৰদৰ্শন কৰিলে আইন খনৰ সপক্ষে যুক্তি।

  • Share this:
সমগ্ৰ ভাৰতত তোলপাৰ লগোৱা নাগৰিকত্ব সংশোধনী আইন এইবাৰ পালেগৈ ব্ৰিটিছ সংসদ। মঙলবাৰে ব্ৰিটেইনৰ সংসদৰ উচ্চ সদনত (House of Lords) CAAৰ বিষয়টো উত্থাপন হয়। House of Lords ৰ সদস্য John Montague–এ বিষয়টো উত্থাপন কৰি ইংলেণ্ড চৰকাৰক  ভাৰতৰ প্ৰধানমন্ত্ৰীৰে বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়। আইন খনে ভাৰতীয় সমাজত সৃষ্টি কৰা বিভাজন আৰু আইন খনৰ বিৰোধিতা কৰি হোৱা প্ৰতিবাদত মৃত্যু হোৱা লোকক লৈ যথেষ্ট উৎকণ্ঠা প্ৰকাশ কৰে সদস্য গৰাকীয়ে ।

সদস্য জনৰ প্ৰত্যুত্তৰ দি ইংলেণ্ডৰ চৰকাৰে আইনখন Divisive বুলি আখ্যা দিয়ে আৰু সমগ্ৰ ঘটনাৰাজিত চোকা দৃষ্টি ৰাখিছে বুলিও কয় ।
চৰকাৰক প্ৰতিনিধিত্ব কৰি Parliamentary Under Secretary of State in Foreign and Commonwealth Office Liz Sugg–এ কয় ভাৰতত চলি থকা অবিৰত প্ৰতিবাদৰ পৰাই বুজা যায় যে আইন খন Divisive আৰু House of Lords ৰ সদস্য সকল তাকে লৈ যথেষ্ট উদ্বিগ্ন । ভাৰতে সংবিধান প্ৰদত্ত ধৰ্মীয় অধিকাৰ সকলোৰে কাৰণ সুৰক্ষিত কৰিব বুলিও আশাবাদী প্ৰতিনিধি গৰাকী। বিষয়টো উত্থাপন কৰা সদস্য গৰাকীয়ে ইংলেণ্ডতো আইন খনে পেলাব পৰা প্ৰভাৱক লৈ এক পৰ্যালোচনা কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে আইন খনত উল্লেখ থকা OCI card holder সম্বন্ধীয় নতুন নিয়ম বোৰে প্ৰবাসী ভাৰতীয়ক প্ৰভাৱিত কৰিব। সেয়ে আইনখনক প্ৰত্যাহ্বান জনাই বহু প্ৰবাসী ভাৰতীয় লোকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

আনহাতে ভাৰতীয় মূলৰ সদস্য লৰ্ড মেঘনদ দেশাইয়ে কয়, এই শংকা কল্পনাপ্ৰসূত কাৰণ আইন খন ভাৰতত এতিয়াও কাৰ্যকৰী হোৱা নাই আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে । আন এজন ভাৰতীয় মূলৰ সদস্য লৰ্ড ৰাজ লোম্বাই কয় ভাৰত চৰকাৰে অতি স্বচ্ছতাৰে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰি আইন খন প্ৰণয়ন কৰিছে । আৰু চৰকাৰে বাৰম্বাৰ আইন খনৰ বিভিন্ন দিশৰ বিষয়ে জনতাক অৱগত কৰিছে । কিন্তু আন এজন ভাৰতীয় মুলৰ সদস্য লৰ্ড ইন্দ্ৰজিত সিঙে আইনখনৰ বিৰোধিতা কৰিছে । তেওঁ কয় – আইন খনে অনা হিন্দু লোক সকলক প্ৰতাৰণা কৰিবলৈ এক আইনী সুৰুঙা মুকলি কৰিব ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading