মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »জঘন্য! উপহাৰৰ লোভ দেখুৱাই ছাত্ৰক যৌন নিৰ্যাতনৰ অপচেষ্টা শিক্ষকৰ, ডেটিং এপৰ জৰিয়তে ৰঁচিছিল অভিসন্ধি

জঘন্য! উপহাৰৰ লোভ দেখুৱাই ছাত্ৰক যৌন নিৰ্যাতনৰ অপচেষ্টা শিক্ষকৰ, ডেটিং এপৰ জৰিয়তে ৰঁচিছিল অভিসন্ধি

 ব্ৰিটেইনত এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা শিক্ষকক আদালতে বিহিলে পাঁচ বছৰৰ কাৰাদণ্ড ।

ব্ৰিটেইনত এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা শিক্ষকক আদালতে বিহিলে পাঁচ বছৰৰ কাৰাদণ্ড ।

ব্ৰিটেইনত এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা শিক্ষকক আদালতে বিহিলে পাঁচ বছৰৰ কাৰাদণ্ড ।

  • Share this:
শিক্ষকৰূপী পিশাচৰ অপকৰ্ম। ব্ৰিটেইনৰ এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা শিক্ষকক আদালতে বিহিলে পাঁচ বছৰৰ কাৰাদণ্ড। আনকি ঘটনা পোহৰলৈ অহাৰ পিছতে বিদ্যালয় প্ৰশাসনেও বৰ্খাস্ত কৰিলে ভণ্ড শিক্ষকক।

জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰদন আন এখন বিদ্যালয়ৰ।এটা ডেটিং এপৰ জৰিয়তে ছাত্ৰজনৰ সৈতে চিনাকী হৈছিল শিক্ষকজনৰ। ভুক্তভোগীৰ অধিবক্তা বেন লৰেন্সে বোল্টন ক্ৰাউনে আদালতক কৈছিল যে, ক্ৰেগ স্লেটাৰ ইংলেণ্ডৰ এষ্টন-ইন-মেকাৰফিল্ডৰ বেয়াৰচেল হাইস্কুলৰ আইটি বিভাগৰ শিক্ষক। তেওঁ প্ৰথমে গ্ৰিণ্ডাৰ ডেটিং এপৰ জৰিয়তে ভুক্তভোগী ছাত্ৰজনৰ সৈতে যোগাযোগ কৰিছিল। আৰু ২০১৯ চনৰ পৰাই ছাত্ৰজনৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আহিছিল ভণ্ড ছাত্ৰজনে।

দীঘলীয়া তদন্তৰ অন্তত আদালতে কৈছিল যে, অভিযুক্ত ক্ৰেগ স্লেটাৰৰ ডিলিট কৰা হোৱাটছএপ মেছেজ পঢ়াৰ পিছতেই সিদ্ধান্ত লোৱা হৈছিল যে, স্লেটাৰে ভুক্তভোগীৰ প্ৰকৃত বয়স জানিছিল । দৰাচলতে, যিকোনো ডেটিং এপত পঞ্জীয়ন কৰাৰ বাবে বয়স ১৮ বছৰতকৈ অধিক হ'ব লাগিব। অৱশ্যে, ভুক্তভোগীৰ ছাত্ৰজনে ভুল বয়সৰ তথ্য প্ৰদান কৰি এই এপটোত পঞ্জীয়ন কৰিছিল। যাৰ বাবে আদালতে আইনী কাৰণত ছাত্ৰগৰাকীৰ নাম ৰাজহুৱা কৰিবলৈ বাধা দিছিল।

আনফালে ক্ৰেগ স্লেটাৰে ছাত্ৰগৰাকীৰ সৈতে বাৰ্তালাপৰ সময়ত নিজৰ পৰিচয় এণ্ড্ৰিউ স্পিলটাৰ বুলিহে দিছিল। ইপিনে বাৰ্তালাপৰ সময়তে স্লেটাৰে ছাত্ৰজনক লগ কৰিবলৈ সৈমান কৰোৱাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু প্ৰতিবাৰেই তেওঁ বিফল হৈছিল। অৱশেষত অভিযুক্ত স্লেটাৰে ছাত্ৰজনৰ ১৬তম জন্মদিনৰ বিষয়ে জানিব পাৰি  উপহাৰৰ লোভ দেখুৱাই এখন হোটেললৈ মাতিছিল। ছাত্ৰগৰাকী হোটলত উপস্থিত হোৱাৰ পিছতে অভিযুক্ত শিক্ষকজনে যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল।

অভিযুক্তৰ কবলৰ পৰা  কোনোমতে পলাই গৈ ছাত্ৰজনে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। তাৰ পিছতেই ক্ৰেগ স্লেটাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

শেহতীয়া বাতৰি