ব্ৰিটেইনত বাস কৰা এগৰাকী মহিলাৰ জীৱনত ঘটা এটা সত্য। তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ হাতৰ আঙুলিৰ নখত থকা এডাল আঁচ বা চিহ্ন তেওঁৰ কাৰণে এক অশনি সংকেত কঢ়িয়াই আনিব। নখৰ সৌন্দৰ্যৰ মাজত এই নখ-চিহ্ন লুকুৱাবলৈ তেওঁ ৰঙা নেইল পলিচৰো আশ্ৰয় লৈছিল। কিন্তু ৩৬ বছৰীয়া এলেনাই বাতৰি কাকতত এটা প্ৰবন্ধ পঢ়াৰ পিছতে সলনি হৈ যায় তেওঁৰ নখৰ আঁচক লৈ থকা দৃষ্টিভংগী। অনলাইনত পঢ়া প্ৰবন্ধটোৰ পিছত এলেনাৰ ধাৰণা হ'ল যে তেওঁৰ নখৰ চিহ্ন এক গুৰুতৰ ৰোগৰ লক্ষণ হব পাৰে। ইয়াৰ পিছতে তেওঁ চিকিৎসকৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু ভবা মতেই চিকিৎসকে তেওঁক বায়োপ্সী কৰাৰ পৰামৰ্শ দিয়ে।
বায়োপ্সীৰ পিছত এই কথা পোহৰৈ আহে যে এলেনা মেলানোমা (melanoma) নামৰ এক ৰোগৰ চিকাৰ হৈছে। আৰু মেলানোমা হৈছে একপ্ৰকাৰৰ স্কিন কেঞ্চাৰ (skin cancer)। ইয়াৰ পিছত কোনো পলম নকৰাকৈ পোৰ্টছমাউথৰ কুইন আলেকজেন্দ্ৰা হাস্পতালৰ ছাৰ্জনে এলেনাৰ আঁচ থকা নখ আঙুলিসহ গুচাই দিয়ে। ইয়াৰ লগে লগে আঙুলিৰ ওচৰত থকা ৫ মিলিমিটাৰ দৈৰ্ঘ্যৰ কেঞ্চাৰযুক্ত এক টিছুও আঁতৰ কৰে।
নখৰ সৌন্দৰ্যৰ বাবে এসময়ত আঁচ লুকুৱাব লগা এলেনাই ত্যাগ কৰিব লগা হয় হাতৰ আঙুলি। কিন্তু তেওঁ সুখী যে কেঞ্চাৰ শৰীৰৰ আন অংশলৈ বিয়পাৰ আগেয়ে ইয়াৰ পৰা মুক্তি পালে। এলেনাই কয়– 'অনলাইন প্ৰবন্ধটোত থকাৰ দৰে মোৰো নখত একে চিহ্ন প্ৰত্যক্ষ কৰাৰ পিছত মই ইয়াৰ ফটো তুলি মোৰ প্ৰেমিকক পঠিয়াইছিলো আৰু তেনেদৰে ঘটনাটো আগবাঢ়ে। এতিয়া মই দুখ পাওঁ যে কেৱল সৌন্দৰ্যৰ কথা ভাবি মই ইয়াক তিনি বছৰ ধৰি লুকুৱাই ৰাখিছিলোঁ।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|