অকলশৰীয়া পাকিস্তান! কাশ্মীৰ প্ৰসংগত সহায় কৰিবলৈ আগবাঢ়ি নাহিল কোনো দেশ
News18-Assam Updated:August 8, 2019, 9:50 AM IST

প্ৰথমে পাকিস্তানে এই সন্দৰ্ভত মালয়েছিয়া আৰু তুৰ্কীৰ পৰা সহায় বিচাৰিছিল। ইয়াৰ উপৰি অৰ্গেনাইজেচন অব ইছলামিক কৰ্প’ৰেচনতো এই বিষয়টো উত্থাপন কৰিছিল পাকিস্তানে।
প্ৰথমে পাকিস্তানে এই সন্দৰ্ভত মালয়েছিয়া আৰু তুৰ্কীৰ পৰা সহায় বিচাৰিছিল। ইয়াৰ উপৰি অৰ্গেনাইজেচন অব ইছলামিক কৰ্প’ৰেচনতো এই বিষয়টো উত্থাপন কৰিছিল পাকিস্তানে।
- News18 Assam
- Last Updated: August 8, 2019, 9:50 AM IST
এই বিষয়টোক লৈ দুই ভাগত বিভক্ত হৈছে ব্ৰিটেইনৰ সংসদ। কাশ্মীৰক লৈ ‘অল পাৰ্টী পাৰ্লিয়ামেণ্টেৰী গ্ৰুপ’ৰ একাংশ সদস্যই উদ্বিগ্নতা প্ৰকাশ কৰাৰ বিপৰীতে একাংশই ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে।
উল্লেখযোগ্য যে পাকিস্তানৰ বহু চেষ্টাৰ পিছতো বিশ্বৰ কোনো দেশ কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ পক্ষ ল’বলৈ আগবাঢ়ি অহা নাই। এনে পৰিস্থিতিত ব্ৰিটেইনৰ প্ৰতিক্ৰিয়াও পাকিস্তানৰ বাবে কেৱল সান্তনা স্বৰূপহে হ’ব।প্ৰথমে পাকিস্তানে এই সন্দৰ্ভত মালয়েছিয়া আৰু তুৰ্কীৰ পৰা সহায় বিচাৰিছিল। ইয়াৰ উপৰি অৰ্গেনাইজেচন অব ইছলামিক কৰ্প’ৰেচনতো এই বিষয়টো উত্থাপন কৰিছিল পাকিস্তানে। UAEৰ ওচৰতে সহায় ভিক্ষা কৰিবলৈ গৈছিল পাকিস্তান। কিন্তু কোনো দেশৰ পৰা সঁহাৰি পোৱা নাই পাকিস্তানে।
UAE–এ এই বিষয়টোত পোনপটীয়াভাৱে ভাৰতৰ পক্ষ লোৱাৰ বিপৰীতে মালয়েছিয়াই বিষয়টোত চকু দিব বুলি মন্তব্য কৰিছে। আনহাতে, তুৰ্কীয়ে পাকিস্তানক সহায়ৰ আশ্বাস দি বিষয়টো এৰাই চলিছে। ইয়াৰ পিছতে পাকিস্তানে ক্ষুব্ধ হৈ ভাৰতীয় উচ্চায়ুক্তক ভাৰতলৈ ওভতাই পঠিওৱাৰ লগতে পাকিস্তানৰ উচ্চায়ুক্তকো ভাৰতৰ পৰা ওভতাই নিছে। ভাৰতৰ সৈতে ব্যৱসায়–বাণিজ্যতো নিষেধাজ্ঞা জাৰি কৰিছে।