• Home
  • »
  • News
  • »
  • world
  • »
  • Boris Johnson: দুদিনত চাৰিজন মন্ত্ৰীয়ে এৰিলে সংগ, প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওপৰত বৃদ্ধি পাইছে পদত্যাগৰ হেঁচা 

Boris Johnson: দুদিনত চাৰিজন মন্ত্ৰীয়ে এৰিলে সংগ, প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওপৰত বৃদ্ধি পাইছে পদত্যাগৰ হেঁচা 

Boris Johnson: দল আৰু মন্ত্ৰীসকলৰ হেঁচা বৃদ্ধি পোৱাৰ পিছত যদি বৰিছ জনছনে পদত্যাগ কৰিবলগীয়া হয় তেন্তে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব পাৰে। এই তালিকাত বহুতো নাম অন্তৰ্ভুক্ত কৰা হৈছে।

Boris Johnson: দল আৰু মন্ত্ৰীসকলৰ হেঁচা বৃদ্ধি পোৱাৰ পিছত যদি বৰিছ জনছনে পদত্যাগ কৰিবলগীয়া হয় তেন্তে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব পাৰে। এই তালিকাত বহুতো নাম অন্তৰ্ভুক্ত কৰা হৈছে।

Boris Johnson: দল আৰু মন্ত্ৰীসকলৰ হেঁচা বৃদ্ধি পোৱাৰ পিছত যদি বৰিছ জনছনে পদত্যাগ কৰিবলগীয়া হয় তেন্তে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব পাৰে। এই তালিকাত বহুতো নাম অন্তৰ্ভুক্ত কৰা হৈছে।

  • Share this:
ব্ৰিটেইনত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰী বৰিছ জনছন (Britain PM Boris Johnson)ৰ অসুবিধা। তেওঁৰ মন্ত্ৰীসভাত আৰু দুজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। ঋষি সুনাক আৰু সাজিদ জাভিদৰ পিছত এতিয়া জন গ্লেন আৰু ভিক্টোৰিয়া এটকিন্সেও মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। ঋষি সুনক আৰু সাজিদ জাভিদ দুয়োকে পি এম জনছনৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। বিগত দুদিনত চাৰিজন মন্ত্ৰীয়ে কেবিনেট ত্যাগ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী জনছনৰ ওপৰতো পদত্যাগৰ হেঁচা বৃদ্ধি পাইছে।

মন্ত্ৰীসভাৰ পৰা মন্ত্ৰীসকলৰ পদত্যাগে প্ৰধানমন্ত্ৰী বৰিছ জনছনক পদত্যাগ কৰিবলৈ হেঁচা দিব পাৰে। আচলতে কেবিনেটত চলি থকা এই অসন্তুষ্টিৰ কাৰণ হ’ল সাংসদ ক্ৰীছ পিঞ্চাৰক দলটোৰ উপ-মুখ্য হুইপ বিষয়া হিচাপে নিযুক্তি দিয়া। ২০১৯ চনত ক্ৰীছৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

ক্ৰীছ পিঞ্চাৰক নিযুক্তি দিয়াৰ ফলত প্ৰধানমন্ত্ৰী বৰিছ জনছনক লৈ কেবিনেটৰ সহযোগীসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে।

একে সময়তে ঋষি সুনাকে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰও লিখিছিল। তেওঁ কয় যে চৰকাৰ ত্যাগ কৰি তেওঁ দুখী, কিন্তু মন্ত্ৰী পদত তেওঁ এনেদৰে কাম কৰিব নোৱাৰে। একে সময়তে জাভিডে চলি থকা কেলেংকাৰীৰ পিছত জনছনৰ শাসন ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে তেওঁৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ মাজতে বৰিছ জনছনে মঙলবাৰে স্বীকাৰ কৰিছিল যে এজন কলংকিত সংসদ সদস্যক চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াটো ভুল হৈছে । ইয়াৰ পিছতে বিত্তমন্ত্ৰী ঋষি সুনককে ধৰি চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীসকলে পদত্যাগ কৰে।

জনছনৰ পিছত ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন?

দল আৰু মন্ত্ৰীসকলৰ হেঁচা বৃদ্ধি পোৱাৰ পিছত যদি বৰিছ জনছনে পদত্যাগ কৰিবলগীয়া হয় তেন্তে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব পাৰে। এই তালিকাত বহুতো নাম অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু ঋষি সুনকৰ নাম প্ৰথম। ভাৰতীয় আই টি কোম্পানী ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জোঁৱাই ঋষি সুনক।
Published by:Manjumoni Borah
First published: