• Home
  • »
  • News
  • »
  • world
  • »
  • Disabled Girl Wins Case Over Her Birth : মোক জন্ম হ'বলৈ কিয় দিছিল, যুৱতীয়ে চিকিৎসকৰ বিৰুদ্ধে গোচৰ তৰি লাভ কৰিলে কোটি টকা

Disabled Girl Wins Case Over Her Birth : মোক জন্ম হ'বলৈ কিয় দিছিল, যুৱতীয়ে চিকিৎসকৰ বিৰুদ্ধে গোচৰ তৰি লাভ কৰিলে কোটি টকা

World Disabled Day: মাতৃক সঠিক ধৰণে পৰামৰ্শ প্ৰদানত ব্যৰ্থতাৰ অভিযোগ তুলি ডাক্তৰ ফিলিপ মিছেলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল এভি থাম্বছ নামৰ যুৱতীগৰাকী।

World Disabled Day: মাতৃক সঠিক ধৰণে পৰামৰ্শ প্ৰদানত ব্যৰ্থতাৰ অভিযোগ তুলি ডাক্তৰ ফিলিপ মিছেলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল এভি থাম্বছ নামৰ যুৱতীগৰাকী।

World Disabled Day: মাতৃক সঠিক ধৰণে পৰামৰ্শ প্ৰদানত ব্যৰ্থতাৰ অভিযোগ তুলি ডাক্তৰ ফিলিপ মিছেলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল এভি থাম্বছ নামৰ যুৱতীগৰাকী।

  • Share this:
আপুনি কেতিয়াবা এনে কথা শুনিছেনে যে কোনোবাই তেওঁক জন্ম দিয়াৰ বাবে চিকিৎসকৰ বিৰুদ্ধে গোচৰ তৰিছে? হয়তো শুনা নাই! কিন্তু বৃটেইন (Britain)ৰ এগৰাকী যুৱতীয়ে অলপতে কৰিছে এনে এক কাণ্ড। এই যুৱতীগৰাকী দিব্যাংগ (Disable)। তেওঁ নিজৰ মাতৃৰ চিকিৎসকজনৰ বিৰুদ্ধে আজৱ কাৰণত গোচৰ তৰিছে। যুৱতীগৰাকীৰ অভিযোগ যে তেওঁক জন্ম হ'ব দিব নালাগিছিল। চিকিৎসকে ইচ্ছা কৰিলে তেওঁৰ জন্ম হোৱাৰ পৰা বাৰণ কৰিব পাৰিলেহেতেন। যুৱতীগৰাকীয়ে এই গোচৰটোত জয়লাভ কৰে আৰু ক্ষতিপুৰণৰ বাবদ কেইবা মিলিয়ন ডলাৰ লাভ কৰে। বৃটেইনৰ এভি থাম্বছ নামৰ যুৱতীগৰাকী মেৰুদণ্ডৰ সমস্যাত আক্ৰান্ত আৰু প্ৰায়েই তেওঁ নানা সমস্যাৰ সন্মুখীন হয়।

মাতৃক সঠিক ধৰণে পৰামৰ্শ প্ৰদানত ব্যৰ্থতাৰ অভিযোগ তুলি এভিয়ে ডাক্তৰ ফিলিপ মিছেলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল। এভিৰ অভিযোগ, যদি ডাক্তৰ ফিলিপ মিছেলে তেওঁৰ মাকক ক'লেহেঁতেন যে মাই ফলিক এচিডৰ টেবলেট খোৱাটো জৰুৰী, অন্যথা কেঁচুৱাটোৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু স্পাইনেল বিফিডাৰ দৰে ৰোগত ভূগিব পাৰে, তেন্তে এভি দিব্যাংগ হৈ জন্ম নহ'লহেঁতেন।

দি ছান নামৰ কাকতখনৰ বাতৰি মতে বিচাৰকে এভিৰ অভিযোগৰ সমৰ্থন কৰে আৰু বুধবাৰে এক ঐতিহাসিক ৰায়দান কৰে। বিচাৰকে এই বুলি ৰায় দিয়ে যে যদি এভিৰ মাতৃয়ে সঠিক পৰামৰ্শ পালেহেঁতেন তেন্তে তেওঁ পলমকৈ গৰ্ভধাৰণ কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া এভি সুস্থ আৰু সবলভাৱে জন্ম পোৱাৰ সম্ভাৱনা থাকিলহেঁতেন। বিচাৰকে এভিক ক্ষতিপুৰণৰূপে বৃহৎ পৰিমাণৰ ধন দিবলৈ চিকিৎসক মিছেলক নিৰ্দেশ দিয়ে।

আদালতত এভিৰ মাতৃয়ে কয়, "মোক এই পৰামৰ্শ দিয়া হৈছিল যে যদি মই ভাল ডায়েট গ্ৰহণ কৰোঁ তেন্তে ফলিক এচিডৰ টেবলেট খোৱাৰ প্ৰয়োজন নাই।" এই বিচাৰৰ পৰা এটা কথা পোহৰলৈ আহিল যে চিকিৎসকৰ ভুল পৰামৰ্শৰ বাবে যদি কোনো নৱজাতকৰ স্বাস্থ্যত প্ৰভাৱ পৰে তেন্তে তাৰ বাবে চিকিৎকজনক জগৰীয়া কৰিব পাৰি।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: