ভাৰতত এতিয়া বিবাহৰ বতৰ (Wedding Season 2021)ত ব্ৰেক লাগিছে। পুহ মাহৰ আৰম্ভণিৰ পিছত কোনো শুভ কাম কৰিব নোৱাৰি। কিন্তু ইতিমধ্যে হৈ যোৱা বিবাহৰ বহুতো ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ (Viral Wedding Videos) আছে। এনেকুৱা নহয় যে এনে ধৰণৰ ধেমেলীয়া ভিডিঅ' (Funny Video) কেৱল ভাৰতৰ পৰাহে ওলায়। পৃথিৱীজুৰি বিবাহত কিছুমান মুহূৰ্ত আছে যিয়ে মানুহক আচৰিত কৰে। শেহতীয়াকৈ বিয়া এখনৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল (Viral Video) হৈ আছে, অৱশ্যে এইটো ভাৰতৰ নহয়। আপুনিও এই ভিডিঅ'টো দেখি আচৰিত হ'ব।
ভাইৰেল ভিডিঅ'টোত কইনাগৰাকীক দৰাৰ সন্মুখত থিয় হৈ নাচি থকা আৰু অতিথিসকলে নাচ চাই থকা দেখা গৈছে। কইনাই গাউনৰ সলনি বেকলেছ পোছাক পিন্ধি আছিল। এইগৰাকী কইনাই নিজৰ পোছাকেৰে ইণ্টাৰনেট জোকাৰি গৈছে। বিয়াত পিন্ধা পোছাকৰ পৰা কইনাগৰাকীৰ শৰীৰৰ আধা অংশই দেখা গৈছিল। বহুলোকে কইনাৰ পোছাকযোৰ অতি উত্তেজক বুলি কৈছে ।
ভিডিঅ' (Viral Video)টো প্ৰথমে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল। এইটো তেতিয়া টুইটাৰত পোষ্ট কৰা হৈছিল য'ত ইয়াক এতিয়ালৈকে ৩ মিলিয়নতকৈও অধিকবাৰ চোৱা হৈছে। এই ভিডিঅ'টোত কইনাগৰাকীক তেওঁৰ স্বামীৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে আৰু দৰাক বগা জেকেট পিন্ধি চকীএখনত বহি থকা দেখা গৈছে। কইনাই দৰাৰ চাৰিওফালে ঘূৰিছিল আৰু তাৰ পিছত নাচিছিল আৰু দৰাৰ কোলাত বহিছিল। ভিডিঅ'টোত কইনাৰ বন্ধুবৰ্গকো কাষত নাচি থকা দেখা গৈছিল।
ভিডিঅ'টো প্ৰথমে @_1karin নামৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। তাৰ পিছত এইটো ভাইৰেল হৈ পৰিছিল।এজন ব্যক্তিয়ে লিখিছিল, "এইজনী সঁচাকৈয়ে কইনা নেকি?"
Published by: Manjumoni Borah
FIRST PUBLISHED : December 17, 2021, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।