যিসময়ত ঘৰত তেওঁলোকৰ বিবাহ অনুষ্ঠান চলি আছিল, তেতিয়াই হঠাত্ প্ৰচণ্ড শব্দ কৰে আৰু চৌদিশে হুৱা-দুৱা লাগে।
যিসময়ত ঘৰত তেওঁলোকৰ বিবাহ অনুষ্ঠান চলি আছিল, তেতিয়াই হঠাত্ প্ৰচণ্ড শব্দ কৰে আৰু চৌদিশে হুৱা-দুৱা লাগে।
লেবাননৰ ৰাজধানী বেইৰুটত মঙলবাৰে যি বিস্ফোৰণ সংঘটিত হ’ল, সেয়া এক কথাত ভয়ংকৰ। বিস্ফোৰণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছৰ পৰাই, ভিডিঅ’ দেখি হতবাক হৈ পৰিছে বিশ্ববাসী। ভিডিঅ’টোত স্পষ্ট কৈ দেখা যায় যে, এটা নহয়, একেলগে দুটা বিস্ফোৰণে জোঁকাৰি যায় বেইৰুট। কিন্তু বিস্ফোৰণৰ কাৰণ এতিয়ালৈকেও জনা হোৱা নাই।
বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ চহৰখন। এতিয়াও উদ্ধাৰ হৈ আছে মৃতদেহ। আহত হৈছে হাজাৰ হাজাৰ লোক। ভাঙিছে বহু ঘৰ দুৱাৰ, নষ্ট হৈছে লক্ষ্যাধিক টকাৰ সা-সম্পত্তি। বিস্ফোৰণৰ সময়ত প্ৰায় ৫০ মাইল দুৰত্ব লৈকে কঁপি উঠিছিল।
যেতিয়া বিস্ফোৰণ সংঘটিত হৈছিল, সেই সময়ত নিজৰ নিজৰ কামত ব্যস্ত আছিল বহুলোক। নিজৰ বিবাহৰ পূৰ্বে এহাল নতুন দম্পতি ব্যস্ত আছিল ফটোশ্বুট কৰাত । আৰু সেইসময়তে হঠাত্ সংঘটিত হয় বিস্ফোৰণটো। লগে লগে চৌদিশে লাগে হুৱা-দুৱা। কোনো মতে, প্ৰাণ ৰক্ষা কৰি সেই ঠাইৰ পৰা দৌৰি দৌৰি আঁতৰি যায় দম্পতিটো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|