ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পত্নী আৰু স্বামীৰ সম্পৰ্ক ইমান বেয়া পৰ্যায় পালেগৈ যে, অৱশেষত পত্নীয়ে হত্যা কৰিলে স্বামীক।
ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পত্নী আৰু স্বামীৰ সম্পৰ্ক ইমান বেয়া পৰ্যায় পালেগৈ যে, অৱশেষত পত্নীয়ে হত্যা কৰিলে স্বামীক।
স্বামী-স্ত্ৰীৰ মাজত কেতিয়াবা কথাৰ অমিল হোৱা দেখা যায়। আনকি কিছুমান কথাৰ বাবে বিবাহ বিচ্ছেদ পৰ্যন্ত হৈ যায়। কিন্তু কি হ'ব পাৰে, যদি কাজিয়াৰ পিছতো সংগী বিবাহ বিচ্ছেদৰ বাবে ৰাজি নহয়। ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পত্নী আৰু স্বামীৰ সম্পৰ্ক ইমান বেয়া পৰ্যায় পালেগৈ যে, অৱশেষত পত্নীয়ে হত্যা কৰিলে স্বামীক।
ব্ৰাজিলৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে, খঙত অগ্নিশৰ্মা হৈ নিজৰ স্বামীক হত্যা কৰি যৌনাংগ কাটি ভাজিলে গৰম তেলত। ইতিমধ্যে ৩৩ বছৰীয়া ক্ৰিষ্টিনা ৰোড্ৰিগেজ মছডোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ক্ৰিষ্টিনা ৰোড্ৰিগেজে স্বামী আন্দ্ৰেৰ সৈতে ব্ৰাজিলৰ Sao Goncaloত বাস কৰিছিল। যোৱা ১০ বছৰধৰি একেলগে আছিল দুয়ো। কিন্তু দুবছৰ পূৰ্বে দুয়ো বেলেগ বেলগ কৈ থকাৰ সিদ্ধান্ত লৈছিল যদিও, পুনৰ দুয়ো একেলগে থাকিবলৈ লৈছিল। আৰু তেতিয়াৰ পৰাই দুয়োৰে মাজত মাজে মাজে সামান্য কথাত তৰ্কা-তৰ্কিৰ সৃষ্টি হৈছিল। আৰু যোৱা বৃহস্পতিবাৰে দুয়োৰে মাজত হোৱা কাজিয়াই এনে পৰ্যায় পাই গৈ যে, স্বামী আন্দ্ৰেক হত্যা কৰে পত্নী ক্ৰিষ্টিনাই।
আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ক্ৰিষ্টিনাই আৰক্ষীৰ ওচৰলৈ গৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁলোকৰ ঘৰত তালাচী চলাওতে উদ্ধাৰ কৰিছে তেজৰ দাগ ধৰা এখন চুৰী। লগতে গেছৰ ওপৰত থকা এখন কেৰাহী জব্দ কৰিছে। য'ত তেলৰ ওপৰত দুটুকুৰা মাংস থকা দেখিবলৈ পোৱা গৈছিল। দৰাচলতে আন্দ্ৰেৰ যৌনাংগ কাটি তেজত ভাজি দিছিল ক্ৰিষ্টিনাই। ক্ৰিষ্টিনাই আৰক্ষীক জনোৱা মতে, তেওঁ আত্মৰক্ষাৰ বাবেই নিজৰ স্বামীক হত্যা কৰিলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|