• Home
  • »
  • News
  • »
  • world
  • »
  • অবিশ্বাস্য! যমজ সন্তানৰ জন্ম দিলে মহিলাই, অথচ পিতৃ বেলেগ বেলেগ, কিদৰে সম্ভৱ?

অবিশ্বাস্য! যমজ সন্তানৰ জন্ম দিলে মহিলাই, অথচ পিতৃ বেলেগ বেলেগ, কিদৰে সম্ভৱ?

এই ঘটনা অদ্ভুত যেন লাগিলেও অসম্ভৱ নহয় বুলিয়ে জনাইছে চিকিৎসকসকলে।

এই ঘটনা অদ্ভুত যেন লাগিলেও অসম্ভৱ নহয় বুলিয়ে জনাইছে চিকিৎসকসকলে।

এই ঘটনা অদ্ভুত যেন লাগিলেও অসম্ভৱ নহয় বুলিয়ে জনাইছে চিকিৎসকসকলে।

  • Share this:
আশ্বৰ্যকৰ ঘটনা। যমজ সন্তানৰ জন্ম দিলে ব্ৰাজিলৰ এগৰাকী মহিলাই, কিন্তু যমজ সন্তানৰ পিতৃ বেলেগ বেলেগ। ঘটনাক লৈ হতবাক চিকিৎসকসকলো। এই ঘটনা অদ্ভুত যেন লাগিলেও অসম্ভৱ নহয় বুলিয়ে জনাইছে চিকিৎসকসকলে।

সূত্ৰৰ খবৰ অনুসৰি, যমজ সন্তানৰ জন্মৰ পিছত যেতিয়া ডিএনএ পৰীক্ষা কৰা হয় তেতিয়া চিকিৎসকসকলে আৱিষ্কাৰ কৰে যে দুয়োটা সন্তানৰ পিতৃ বেলেগ বেলেগ। ঘটনাত মাতৃও বাকৰুদ্ধ হৈ পৰিছিল। তেওঁ কয়, তেওঁ কেতিয়াও ভৱা নাছিল যে এনেকুৱা ঘটনাও সম্ভৱ।

কিন্তু এনে হোৱাৰ কাৰণ কি? চিকিৎসকসকলে জনাইছে যে একেদিনাই দুই পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক হৈছিল মহিলাগৰাকীৰ। ৯ মাহ পিছত তেওঁ যমজ সন্তানৰ জন্ম দিয়ে। ডিএনএ পৰীক্ষাৰ পিছত জনা যায়, তেওঁ যাক পিতৃ বুলি ভাবিছিল, তেওঁৰ সৈতে মাত্ৰ এটি শিশুৰ ডিএনএ মিলিছে।

ঘটনাটো বিৰল হ’লেও অবিশ্বাস্য নহয়। যৌন মিলনৰ সময়ত দুটি ডিম্বাণু বিভিন্ন ব্যক্তিৰ শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হোৱাৰ ফলত এই ঘটনা ঘটে। ইয়াৰ বৈজ্ঞানিক পৰিভাষা হ’ল হেটেৰোপেৰেণ্টেল ছুপাৰফেকুণ্ডেচন। চিকিৎসকে কয়, ‘‘একে মাতৃৰ পৰা দুটা ডিম্বাণু ভিন্ন পুৰুষৰ দ্বাৰা নিষিক্ত হ’লে এই ঘটনা ঘটিব পাৰে।’’ চিকিৎসকে আৰু জনায়, বিশ্ব হেটেৰোপেৰেণ্টেল ছুপাৰফেকুণ্ডেচনৰ মাত্ৰ ২০টা ঘটনা সংঘটিত হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি