আমাজ’ন বৰ্ষাৰণ্যত অগ্নিকাণ্ড, জৰুৰী অৱস্থা ঘোষণা

দুসপ্তাহ ধৰি জ্বলি আছে সমগ্ৰ বিশ্বক ২০ শতাংশ অক্সিজেন যোগান ধৰা আমাজ’ন বৰ্ষাৰণ্য

News18-Assam
Updated:August 22, 2019, 5:58 PM IST
আমাজ’ন বৰ্ষাৰণ্যত অগ্নিকাণ্ড, জৰুৰী অৱস্থা ঘোষণা
দুসপ্তাহ ধৰি জ্বলি আছে সমগ্ৰ বিশ্বক ২০ শতাংশ অক্সিজেন যোগান ধৰা আমাজ’ন বৰ্ষাৰণ্য
News18-Assam
Updated: August 22, 2019, 5:58 PM IST
দুসপ্তাহ ধৰি জ্বলি আছে সমগ্ৰ বিশ্বক ২০ শতাংশ অক্সিজেন যোগান ধৰা আমাজ’ন বৰ্ষাৰণ্য। এতিয়ালৈকে জুই নিৰ্বাপন কৰিব পৰা নাই দক্ষিণ আমেৰিকাৰ ব্ৰাজিলত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখনত। চলিত বৰ্ষত বহুবাৰ জুই লাগিছিল আমাজ’ন বৰ্ষাৰণ্যত। কিন্তু এইবাৰৰ সংঘটিত হোৱা অগ্নিকাণ্ডই সৰ্বাধিক ক্ষতি কৰিছে বৰ্ষাৰণ্যখনক।অগ্নিকাণ্ডৰ ফলত আমাজ’ন, ৰোণ্ডানিয়া আদি অঞ্চলত এতিয়া ক’লা ধুৱাই আৱৰি ধৰিছে।

ক্ৰমাৎ বৃদ্ধি পোৱা পৰিবেশ প্ৰদূষণো এই অগ্নিকাণ্ডৰ অন্যতম কাৰণ হিচাপে অভিহিত কৰিছে একাংশ বনাঞ্চল কৰ্মীয়ে। বৰ্ষাৰণ্য খনত এনেদৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বহু সংখ্যক জীৱ জন্তুও মৃত্যু মুখত পৰিছে বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি